আমাৰ শৰীৰৰ বাবে ভিটামিনৰ অত্যন্ত লাগতিয়াল উপাদান৷ ভিটামিন অবিহনে শৰীৰৰ কোনো কাৰ্য সম্পাদন নহয়৷ শৰীৰৰ বাবে আৱশ্যকীয় ভিটামিন আমি খোৱা খাদ্যৰ জৰিয়তে পাওঁ৷ ভিন্ন ভিটামিনৰ শাৰীৰিক লাভালাভ ভিন্ন৷ শৰীৰত পৰ্যাপ্ত ভিটামিনৰ অভাৱ হ’লে শৰীৰৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ মনত ৰখা ভাল যে ভিটামিনৰ অভাৱত যেনেদৰে শৰীৰত নানা জটিল সমস্যাই দেখা দিব পাৰে, ইয়াৰ বিপৰীতে শৰীৰত প্ৰয়োজনতকৈ বেছি ভিটামিন থাকিলেও শৰীৰৰ বাবে বিপজ্জনক হ’ব পাৰে৷ অৰ্থাৎ শৰীৰক যিমান পৰিমাণৰ ভিটামিনৰ প্ৰয়োজন, তাতকৈ যদি বেছি পৰিমাণৰ ভিটামিন শৰীৰে গ্ৰহণ কৰে, তেনেহ’লে শাৰীৰিক বিভিন্ন সমস্যাই দেখা দিয়ে৷ অৰ্থাৎ শৰীৰত ভিটামিন কম হ’লেও বিপদ, বেছি থাকিলেও বিপদ৷ আমাৰ কেতিয়াবা অনাহকতে কোনো কাৰণ নোহোৱাকৈ মন-মেজাজ বেয়া হৈ থাকে, অথবা মনৰ অস্থিৰতা বাঢ়ে, মন বিষণ্ণতা, অস্বস্তিত ভোগে৷ এইধৰণৰ সমস্যা হ’লে শৰীৰত ভিটামিন-এৰ পৰিমাণ বৃদ্ধিৰ কাৰণে হ’ব পাৰে৷ আনহাতে ভিটামিন-এ শৰীৰত বেছিকৈ জমা হ’লে লিভাৰ নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ শৰীৰত ভিটামিন-এ বেছি জমা হ’লে ইয়াক ভিটামিন-এ টক্সিচিটি বোলা হয়৷ ইয়াক চিকিৎসাৰ পৰিভাষাত হাইপাৰভিটামিনোছিছ-এ বুলি জনা যায়৷ ইয়াৰ ফলত লিভাৰৰ ক্ষতি হোৱাৰ লগতে অষ্টিঅ’পৰোছিছ আনকি কিডনীৰো ক্ষতি হ’ব পাৰে৷ শৰীৰত ভিটামিন-এৰ আধিক্য হ’লে সকলো সময়তে অস্বস্তি, মন-মেজাজ বেয়া লাগি থকা, মনৰ উদ্বেগ বৃদ্ধি আদি সমস্যা হ’ব পাৰে৷ অকাৰণতে নখ ফালি যোৱা, আভোক হোৱা, চুলি সৰা আদিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷