Beauty PlusFitness PlusHealth NaturallyHealth TalksYoga Healthকিডনীৰ সুস্থতাৰ বাবে নিয়মিত নটৰাজাসন কৰকBy Health Plus - April 21, 202503Facebook Twitter Pinterest WhatsApp প্ৰখৰ গৰমৰ শৰীৰৰ পৰা অত্যধিক পৰিমাণে ঘাম বাহিৰ হয়৷ উৎকট গৰমত পিয়াহ নিবাৰণৰ বাবে পানী সেৱন কৰিলেও ঘামৰ মাধ্যমেৰে শৰীৰৰ পৰা পানী বাহিৰ হোৱাৰ বাবে কেতিয়াবা শৰীৰৰ বাবে পৰ্যাপ্ত মাত্ৰা পানী নাপায়৷ যাৰ বাবে শৰীৰত পানীৰ অভাৱ হয়৷ এনে পানীৰ অভাৱৰ চাপে কিডনীৰ ওপৰত প্ৰভাৱ পেলায়৷ পৰিসংখ্যাত কোৱা হৈছে যে হাৰ্টৰ সমান্তৰালকৈ প্ৰতিবছৰে কিডনী সংক্ৰান্ত সমস্যাত আক্ৰান্ত মানুহৰ সংখ্যা দ্ৰুতভাৱে বাঢ়িছে৷ কিডনী শৰীৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ৷ শৰীৰত জমা হোৱা বৰ্জ্য পদাৰ্থ বাহিৰ কৰাই কিডনীৰ প্ৰধান কাম৷ বহু সময়ত বিভিন্ন কাৰণত এটা কিডনী বিকল হৈ গ’লেও আনটোৱে এই কাম সম্পাদন কৰে৷ সেয়ে কিডনী সুস্থ কৰি ৰখা একান্তই কৰ্তব্য৷ কিডনীৰ সুস্থতাৰ বাবে খোৱা-বোৱাৰ ক্ষেত্ৰত যিদৰে নজৰ দিয়া হয়, একেদৰে নিয়ম কৰি যোগাসন কৰিলেও কিডনী সুস্থ তথা কাৰ্যক্ষম হৈ থাকে৷ যোগবিদে কোৱা মতে দৈনিক নটৰাজাসন আসন কৰাৰ অভ্যাস কৰিলে কিডনীৰ কোনোধৰণৰ সমস্যাই দেখা নিদিয়ে৷ কিডনীৰ সুস্থতাৰ বাবে নিয়মিতভাৱে নটৰাজাসন কৰাৰ অভ্যাস কৰা জৰুৰী৷কিদৰে কৰিব নটৰাজাসন ঃ- সংস্কৃতত নট মানে নাচ আৰু ৰাজ মানে গুৰু বা ৰজা৷ পুৰাণত বৰ্ণিত নটৰাজ আচলতে নৃত্যৰত শিৱ৷ ইংৰাজীত এই ভংগীটোক লৰ্ড অব দ্য ডান্স পজ বুলি কোৱা হয়৷ অৰ্থাৎ নটৰাজৰ নৃত্য ভংগীৰে এই আসন কৰা হয়৷ এই আসন কৰিবলৈ প্ৰথমে মেটৰ ওপৰত থিয় হৈ লওক৷ এতিয়া যিকোনো এখন ভৰি আঁঠুটো কোঁচা প্ৰথমে অলপ আগফালে নি পাছত পিছফালে ভাঁজ কৰিব৷ বাওঁভৰি হ’লে বাওঁহাতখনেৰে ভৰিৰ আঙুলিবোৰত ধৰি থাকক, যাতে ভৰিখন পিছলি সুলকি নাহে৷ এতিয়া লাহে লাহে যিমানপাৰে ভৰিখন পিছফালে মেলি দিব আৰু আপুনি শৰীৰৰ সন্মুখভাগ আগলৈ সমদূৰত্ব হাওলাই দিব৷ মুকলি হৈ থকা আনখনহাত আগফালে মেলি ধৰিব আৰু হাতৰ আঙুলিবোৰ মুদ্ৰাভংগীত ৰাখিব৷ এই অৱস্থাত আপোনাক দেখাত এজন নৃত্যৰত যেন দেখি তালৈ মন কৰিব৷ এইদৰে কিছু সময় ৰৈ পাছত আনখন ভৰিৰে আগৰ দৰে কৰিব৷