Beauty Plusলেজাৰ হেয়াৰ ৰিম’ভাৰ পদ্ধতিৰে মুখৰ নোম গুচালে জানক এইবোৰ কথাBy Health Plus - April 19, 202505Facebook Twitter Pinterest WhatsApp আপুনি বাৰু লেজাৰ হেয়াৰ ৰিম’ভাৰ পদ্ধতিৰ জৰিয়তে মুখত নোমবোৰ আঁতৰাব বিচাৰে নেকি? তেন্তে তাৰ আগতে এইবোৰ কথা জনাটো প্ৰয়োজন৷ মুখৰ নোম মূলতঃ ভেলাছ আৰু টাৰ্মিনাল এই দুই ধৰণৰ হয়৷ ভেলাছ গোত্ৰৰ নোম খালী চকুৰে দেখা নাযায়৷ কিন্তু টাৰ্মিনাল গোত্ৰৰ নোম একেবাৰে ভেলাছৰ বিপৰীত৷ আনহাতে ওয়াক্সিং, থ্ৰেডিং, ছুগাৰিং, চেভিং, মুখৰ অবাঞ্ছিত নোম উঠোৱাৰ বহুতো উপায় আছে৷ এইবোৰ প্ৰায় সকলোবোৰেই যন্ত্ৰণাদায়ক৷ তাতকৈও ডাঙৰ সমস্যা হ’ল এইবোৰৰ কোনোটোৱে চিৰস্থায়ী সমাধান নহয়৷ অৰ্থাৎ কিছুদিনৰ পাছত মুখত পুনৰ নোম গাজিবলৈ আৰম্ভ কৰে৷ সেয়ে এই সমস্যাৰ পৰা মুক্তি পাবলৈ আজিকালি বহুতেই লেজাৰ হেয়াৰ ৰিম’ভাৰ পদ্ধতি অৱলম্বন কৰে৷ এই পদ্ধতি প্ৰায় যন্ত্ৰণাহীন৷ ইয়াৰ সকলোতকৈ ডাঙৰ সুবিধাটো হ’ল লেজাৰ পদ্ধতিৰে নোম গুচালে সহজে সেই ঠাইত নোম নগজে৷ ছমাহ পৰ্যন্ত নিশ্চিন্ত থাকিব পাৰে৷ লেজাৰ হেয়াৰ ৰিম’ভাৰ পদ্ধতিত বিশেষ একধৰণৰ আলোকৰশ্মি দি নোমৰ ফলিকলবোৰ সাময়িকভাৱে নিষ্ক্ৰিয় কৰি দিয়া হয়৷ এই ঠাইত পুনৰ নোম গজালৈ কমপক্ষেও ছমাহ সময়ৰ প্ৰয়োজন হয়৷ লেদাৰ পদ্ধতিৰে নোম তোলাৰ আগতে কিছু কথা জনাটো ভাল৷লেজাৰ হেয়াৰ ৰিম’ভাৰ বেছ সস্তা৷ সৰু-বৰ সকলো ছালৰ নোম এই পদ্ধতিৰে গুচোৱা হয়৷ লেজাৰ কৰিলে ছালখনৰ যাতে কোনো ক্ষতি নহয়, তালৈ খেয়াল ৰাখিব লাগে৷লেজাৰৰ পদ্ধতিৰে মুখৰ নোম তোলাৰ আগত আৰু পাছত ৰ’দৰ সংস্পৰ্শলৈ নাহিব৷ নহ’লে চিকিৎসা পদ্ধতি আৰু জটিল হ’ব পাৰে৷ ছালৰ ক্ষতি হোৱাৰ সম্ভাৱনা এৰাই নচলিব৷এছপিৰিন, আইব্ৰুফেন আৰু ভিটামিন-ই জাতীয় ঔষধ নিয়মিতভাৱে খোৱাৰ অভ্যাস থাকিলে লেজাৰ পদ্ধতিৰে নোম কেতিয়াও নুগুচাব৷ অন্ততঃ এসপ্তাহ আগেয়ে এইধৰণৰ ঔষধ বন্ধ কৰিব লাগিব৷ নহ’লে চিকিৎসাৰ পৰৱৰ্তী সমস্যাই গুৰুতৰ আকাৰ ল’ব পাৰে৷লেজাৰ চিকিৎসা কৰাৰ আগমুহূৰ্তত কেতিয়াও থ্ৰেডিং, ওয়াক্সিং আদি নকৰিব৷ কিন্তু মুখ বা দেহৰ যি অংশত লেজাৰ কৰিব সেই ঠাইত ৰেজাৰেৰে চেভিং কৰিব পাৰে৷লেজাৰ প্ৰক্ৰিয়া আৰম্ভণিৰ আগতে ছালৰ আদ্ৰৰ্তাৰ অভাৱ যাতে নহয়, তালৈ লক্ষ্য ৰাখিব লাগে৷ যি অংশত লেজাৰ পদ্ধতিৰে নোম আঁতৰাব, সেই ঠাইত কোনোধৰণৰ প্ৰসাধনী ব্যৱহাৰ নকৰাই ভাল৷