থিয় হৈ পানী সেৱন নকৰিব সাৱধান নহ’লে হ’ব বিপদ

0
6

পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়৷ পানী নহ’লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে৷ সেয়ে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰাটো শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ চিকিৎসক, পুষ্টিবিদেও শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে৷ আনহাতে এক প্ৰচলিত ধাৰণা আছে যে থিয় হৈ পানী সেৱন কৰিলে দেহৰ জয়েণ্টবোৰত প্ৰভাৱ পৰে আৰু জয়েণ্টৰ বিষ-বেদনা হ’ব পাৰে৷ সেয়ে প্ৰজন্মৰ পৰা প্ৰজন্ম কৈ অহা হৈছে যে থিয় হৈ নহয় পানী সেৱন কৰোঁতে সদায় বহি সেৱন কৰা উচিত৷ এই প্ৰচলিত ধাৰণাৰ আঁৰত কিন্তু বৈজ্ঞানিক ভিত্তি আছে৷ থিয় হৈ পানী সেৱন কৰাৰ ফলত খাদ্যনলীৰে পাকস্থলীলৈ যায়৷ থিয় হৈ পানী সেৱন কৰাৰ ফলত হাৰ্টৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷ আনহাতে থিয় হৈ পানী সেৱন কৰাৰ ফলত খুব দ্ৰুতভাৱে পেটে শোষিত কৰিব পাৰে, যিয়ে অস্বস্তি বা বজহজমৰ কাৰণ হ’ব পাৰে৷ কিয়নো থিয়কৈ পানী সেৱন কৰিলে দ্ৰুততৰ খাদ্যনলীত প্ৰৱেশ কৰে বাবে পেটৰ হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে৷ ইয়াৰ লগতে স্নায়ুবোৰৰ ওপৰতো চাপ পৰে, যিয়ে দেহৰ তৰল পদাৰ্থৰ ভাৰসাম্য নষ্ট কৰে৷ ইয়াৰ ফলত সময়ত জয়েণ্টবোৰত তলৰ পদাৰ্থ জমা হ’ব পাৰে৷ যাৰ ফলত আথ্ৰাইটিছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ পুষ্টিবিদৰ মতে থিয় হৈ পানী সেৱন কৰিলে তাত থকা প্ৰয়োজনীয় পুষ্টি তথা ভিটামিন পৰিপাকতন্ত্ৰলৈ নাযায়৷ থিয় পানী সেৱনৰ সময়ত উচ্চ চাপৰ বাবে তলৰ পদাৰ্থ পৰিস্ৰাৱণ অবিহনে পেটৰ তলৰ অংশলৈ গতি কৰে৷ ইয়াৰ ফলত অতিৰিক্ত পানী মূত্ৰাশয়ত জমা হয়, যিয়ে কিডনীৰ কাৰ্যকাৰিতাত ক্ষতি কৰে৷ সেয়ে পানী সেৱনৰ সনয়ত বহি পানী সেৱন কৰটো শৰীৰৰ কাৰণে স্বাস্থ্যসন্মত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here