Daily newsFitness PlusHealth NaturallyHealth Talksমৃগীৰোগৰ চিকিৎসাৰ বাবে নতুন পদ্ধতি আৱিষ্কাৰBy Health Plus - April 12, 2025018Facebook Twitter Pinterest WhatsApp আধুনিক চিকিৎসা পদ্ধতি অৱলম্বন কৰি বিভিন্ন জটিল ৰোগৰ নিৰ্মূল বাবে গৱেষকে-চিকিৎসকে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ জটিল ৰোগৰ ভিতৰত মৃগীৰোগৰ আধুনিক নতুন চিকিৎসা আৱিষ্কৃত হৈছে৷ আমি জানো যে মৃগী এনে এটা ৰোগ, যাৰ চিকিৎসা সহজে নিৰ্মূল কৰাটো সম্ভৱ নহয়৷ যদিও এইটো এটা জিনগত ৰোগ বুলি ধৰা হয়, কিন্তু এই ৰোগত বহুতকে ভোগা দেখা যায়৷ ৰোগবিধ দেখাত সহজ যদিও এই জটিল স্নায়ুৰোগ চিকিৎসা সেৱা উপলব্ধ নহয়৷ সেয়ে গৱেষকে বহু চিন্তা-চৰ্চা কৰি শেহতীয়াকৈ মৃগীৰোগৰ এক আধুনিক চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিছে গৱেষকে৷ জানিব পৰা মতে দহ বছৰ ধৰি মৃগীৰোগত আক্ৰান্ত আছিল এজন তৰুণ৷ যুৱকজনক সুস্থ কৰিবলৈ মৃগীৰোগৰ কোনো চিকিৎসাই বাদ দিয়া নাছিল৷ অৱশেষত এই প্ৰচেষ্টাক অসাধাৰণ কৰিলে ফৰিদাবাদৰ এখন বেচৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে৷ চিকিৎসালয়খনৰ চিকিৎসকে আধুনিক অস্ত্ৰোপচাৰৰ জৰিয়তে যুৱকজনৰ মস্তিষ্কত সংস্থাপন কৰে বিশেষ এক যন্ত্ৰ৷ ইয়াৰ দ্বাৰাই এই ৰোগ নিৰ্মূল হ’ব বুলি দাবী কৰিছে তেওঁলোকে৷ চিকিৎসকে জনোৱা অনুসৰি যুৱকজনৰ এম আৰ আই কৰিও মৃগীৰ কাৰণ ধৰা পৰা নাছিল৷ তাৰ পাছত তেওঁৰ নতুন এক পদ্ধতিৰে চিকিৎসা কৰিবলৈ আৰম্ভ কৰে৷ সেই পদ্ধতিৰ নাম ষ্টিৰিয়ো ইলেকট্ৰ’এনচেফালোগ্ৰাফি চমুকৈ এছ ই ই জি৷ এই পদ্ধতিত মস্তিষ্কত অস্ত্ৰোপচাৰ কৰি দুটা ক্ষুদ্ৰ ইলেকট্ৰোড স্থাপন কৰা হয়৷ চিকিৎসকে জনাইছে যে এই যন্ত্ৰটো মস্তিষ্কত বহুওৱাৰ পাছত ইলেকট্ৰোড দুটাৰ পৰা বৈদ্যুতিক সংকেত আহিবলৈ আৰম্ভ কৰে৷ ফলত মস্তিষ্কৰ যিবোৰ স্নায়ু অকামিলা বা দুৰ্বল হৈ গৈছে, সেই স্নায়ুবোৰ লাহে লাহে সক্ৰিয় হ’বলৈ আৰম্ভ কৰে৷ এইদৰে ৰোগ নিয়ন্ত্ৰণলৈ অনাত সহায়ক হয়৷