তৰমুজৰ বগা অংশ খালে কি হয় জানো আহক

0
33


বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ তৰমুজ৷ অতধিক পানীৰে সমৃদ্ধ এই ফলবিধত আছে প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, পটাচিয়াম, মেগনেচিয়াম আৰু অন্যান্য পুষ্টিগুণ৷ অকল এয়েই নহয়, তৰমুজৰ ৰঙা অংশতেই এইসমূহ পুষ্টিগুণ নাথাকে, তৰমুজৰ বগা অংশও পুষ্টিগুণেৰে সমৃদ্ধ৷ সেয়ে তৰমুজ খাওঁতে বগা অংশ অবিহনে কেতিয়াও নাখাব৷ বহুতেই এই বগা অংশ এনেয়ে পেলাই দিয়া দেখা যায়৷ মনত ৰাখিব ৰঙা অংশ যিমান স্বাস্থ্য উপকাৰী, বগা অংশৰো আছে বিভিন্ন স্বাস্থ্য উফকাৰী গুণ৷ তৰমুজৰ বহিৰাবৰণ আৰু ৰঙা অংশৰ মাজত থাকে এই বগা অংশ৷ এই বগা অংশত ছিট্ৰলিন নামৰ একধৰণৰ নন-এছেনচিয়াল এমিন’ এচিড পোৱা যায়৷ এই উপাদানবিধে শৰীৰৰ কৰ্মক্ষমতা বঢ়াই দিব পাৰে৷ ইয়াৰ উপৰি এই ছিট্ৰলিনে মাংসপেশীত অক্সিজেনৰ যোগান ধৰিব পাৰে৷
আমেৰিকান জাৰ্নাল অব হাইপাৰটেনশ্যনৰ এক গৱেষণাত দেখা গৈছে যে প্ৰাপ্তবয়স্কৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে তৰমুজৰ বগা অংশই৷ ইয়াৰ উপৰি তৰমুজৰ ছিট্ৰলিনে উচ্ছ ৰক্তচাপ কমোৱাত সহায় কৰে৷
তৰমুজৰ বগা অংশত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ ফলত হজমৰ সমস্যা, কোষ্ঠকাঠিন্যৰ সমস্যা নিৰাময় কৰিব পাৰে৷ ইয়াত থকা ফাইবাৰে নিয়মিতভাৱে মলত্যাগৰ ক্ষেত্ৰত সহায়ক হয় আৰু কোলন কেঞ্চাৰৰ সম্ভাৱনা কমাই ৰাখে৷ আনহাতে ফাইবাৰসমৃদ্ধ খাদ্যই দ্ৰুতভাৱে বহু সময়লৈ পেট ভৰ্তি ৰখাত সহায় কৰে বাবে ওজন নিয়ন্ত্ৰণত সহায় কৰে৷
বয়স বঢ়াৰ লগে লগে ছালখনত বলিৰেখা পৰে বা ছালক বিভিন্ন দাগ-ছোপ পৰে৷ তৰমুজৰ বাকলিত লাইকোপেন, ফ্লেভোনয়েড আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ এইবোৰ উপাদানে ছালখন সুস্থ তথা ভালে ৰখাত অত্যন্ত উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here