আপেল বাকলিৰে সৈতে খোৱাটো স্বাস্থ্য উপকাৰীনে?

0
10

আপেল খাওঁতে কিছুমানে বাকলিৰ সৈতে খায়, আন কিছুৱে আকৌ আপেলৰ বাকলি গুচাইহে খাবলৈ ভাল পায়৷ আচলতে আপেল কিদৰে খোৱা স্বাস্থ্য উপকাৰী অথবা শৰীৰৰ কামত আহে সেই কথাটো জনা আৱশ্যক৷ আমি সকলোৱে জানো যে আপেল খুব পুষ্টিকৰ এবিধ ফল, যি ফলে শৰীৰ সুস্বাস্থ্য কৰি ৰখাত সহায় কৰে৷ আনহাতে আপেল খাবলৈও সোৱাদযুক্ত৷ সুস্বাদু ফলৰ ভিতৰত আপেল অন্যতম৷ পুষ্টিবিদে জনোৱা মতে বাকলিৰ সৈতে আপেল খালে যিমান পুষ্টিগুণৰ সম্পৰ্ক আছে, তেনেকৈ আছে ইয়াৰ খাদ্য নিৰাপত্তাৰ প্ৰশ্নও৷ আপেলৰ বাকলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে৷ অৱশ্যে অত্যধিক ফাইবাৰ থকাৰ কাৰণে কাৰোবাৰ বাবে ভাল অথবা আন কাৰোবাৰ বাবে নিৰাপদ নহ’বও পাৰে৷ আনহাতে আপেলত যি ফাইবাৰ পোৱা যায়, আমাৰ দেহৰ কাৰণে যথেষ্ট উপকাৰী৷ ফাইবাৰ হজম হোৱাৰ কিছু সময় লাগে বাবে আহসমৃদ্ধ আপেল খালে সহজে ভোগ নালাগে৷ যাৰ ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণ হোৱাৰ সহায় কৰে৷ তেজত থকা শৰ্কৰাৰ মাত্ৰাও আপেলে নিয়ন্ত্ৰণ কৰিব পাৰে৷ ইয়াৰ উপৰি আপেল থকা ফাইবাৰে কোষ্ঠকাঠিন্য আদি সমস্যা নিৰাময় কৰিব পাৰে৷ আপেলত থকা ফাইবাৰে তেজত থকা বেয়া কলেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে৷ যাৰ ফলত হূদৰোগ তথা ষ্ট˜’কৰ দৰে জটিল সমস্যাৰ পৰা সকাহ পাব পাৰি৷ অৱশ্যে কিছুমানৰ ক্ষেত্ৰত বাকলিসহিতে আপেল খাদ্য কিছুমান সমস্যৰো সৃষ্টি হ’ব পাৰে৷ যিসকলৰ হজমৰ সমস্যা আছে, তেওঁলোকৰ ক্ষেত্ৰত হজমত ব্যাঘাত হ’ব পাৰে৷ যাৰ বাবে পেটৰ অস্বস্তি, পেটৰ বিষ. এচিডিটি আদিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ উপৰি আপেলৰ বাকলিত বিভিন্ন ৰাসায়নিক দ্ৰব্য, ধূলি মাকতি, কীটনাশক আদি লাগি থাকিব পাৰে, সেয়ে আপেল খোৱাৰ আগতে ভালদৰে পানীৰে পৰিষ্কাৰ কৰি বা ইয়াৰ বাকলি গুচোৱাই খোৱাৰ ফলত এইবোৰ পেটলৈ যাব নোৱাৰে আৰু শৰীৰৰ ক্ষতি কৰিব নোৱাৰে৷ মনত ৰখা ভাল যে বজাৰৰ পৰা আপেল কিনি আনি ভালদৰে পৰিষ্কাৰ পানীৰে ধুইহে খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here