আপোনাৰ ভৰিত হঠাতে এনে কিছুমান দাগ বা ফোহাজাতীয় কিবা উঠিছে নেকি? তেন্তে সাৱধান হওক৷ এইধৰণৰ লক্ষণে হাৰ্ট এটেকৰ কাৰণ হ’বও পাৰে৷ বৰ্তমান হৃদৰোগ বিশ্বব্যাপী মৃত্যুৰ এক প্ৰধান কাৰণ হৈছে৷ ব্ৰিটিছ হাৰ্ট ফাউণ্ডেশ্যনৰ মতে যুক্তৰাষ্ট্ৰত ৭.৬ মিলিয়নতকৈও বেছি মানুহ হৃদৰোগ বা ৰক্ত সঞ্চালনজনিত ৰোগত আক্ৰান্ত৷ এটা সমীক্ষাই প্ৰকাশ হৈছে যে সমগ্ৰ বিশ্বজুৰি প্ৰতি বাৰগৰাকীৰ মাজৰ এজন এই ৰোগত আক্ৰান্ত হয়৷ হৃদৰোগৰ লক্ষণ তথা কাৰক বিভিন্ন ধৰণৰ আছে যদিও সকলো লোকৰ ক্ষেত্ৰতে এই ৰোগৰ লক্ষণ একে নহ’বও পাৰে বা নহয়৷ কিছুমান লোকে হয়তো এই ৰোগৰ ভয়াৱহ লক্ষণবোৰৰ বিষয়ে অৱগত নহয়৷ সাধাৰণতে বুকুৰ বিষ বা প্ৰায়েই বুকুখন বিষাই থকাটো হৃদৰোগৰ এটা সাধাৰণ লক্ষণ৷ বুকুৰ বিষ যেনে বুকুখন গধুৰ লগা, টানটান ভাব, আদি অনুভৱ হয়৷ সমীক্ষা চলোৱা ব্যক্তিৰ মাজৰ আশী শতাংশৰে বুকুৰ বিষ এটা লক্ষণ হিচাপে বিবেচিত হৈছে৷ ইয়াৰ উপৰি সাতসত্তৰ শতাংশই সঠিকভাৱে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা এটা লক্ষণ হিচাপে ধৰা হৈছে৷ যদি হৃদপিণ্ডই গোটেই শৰীৰলৈ তেজ পাম্প কৰিব নোৱাৰে, তেনেহ’লে হাঁওফাঁওত তৰল জমা হ’ব পাৰে৷ যাৰ ফলত উশাহ লওঁতে অসুবিধা হয় তথা শ্বাসকষ্ট অনুভৱ কৰে৷ সমীক্ষাটো মতে ৬৬ শতাংশ লোকৰ অতিৰিক্ত ক্লান্তিও আন এটা লক্ষণ হ’ব পাৰে৷ যিয়ে দৈনন্দিন কাম কাজ কৰিলেই ভাগৰুৱা অনুভৱ কৰে৷ আনহাতে গৱেষকে কৈছে যে হঠাতে ভৰি ফুটি যোৱা, ভৰিত দাগ হোৱা বা ভৰিত ফোহাজাতীয় হোৱা আদিবোৰে হৃদৰোগৰ আন এটা কাৰণ হ’ব পাৰে৷ হূদৰোগৰ এইটো কম পৰিচিত লক্ষণ আৰু টিছুত তৰল জমা হ’লে এই লক্ষণে দেখা দিব পাৰে৷