কিডনী পৰিষ্কাৰ কৰি ৰাখিবলৈ এইবোৰ অভ্যাস কৰক

0
16

শৰীৰৰ প্ৰধান অংগসমূহৰ ভিতৰত কিডনী অন্যতম৷ আজিকালি কিডনীজনিত সমস্যা তথা কিডনী বিকল হোৱাৰ ঘটনা যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে৷দৈনন্দিন জীৱন শৈলী, মাদকদ্ৰব্যৱ অবাধ প্ৰচলন, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, আৰামপ্ৰিয় জীৱন, কমকৈ পানী সেৱন তথা শৰীৰৰ ওজন বৃদ্ধি আদি বিভিন্ন কাৰণত কিডনীৰ সমস্যাত ভুগিব পাৰে৷ সেয়ে কিডনীৰ সুস্বাস্থ্যৰ বাবে শৰীৰচৰ্চাৰ লগতে নিয়মিত কিছুমান অভ্যাস কৰিলে কিডনীৰ স্বাস্থ্য অটুট থাকে৷ সেয়ে কিডনী পৰিষ্কাৰ তথা কাৰ্যক্ষম কৰি ৰাখিবলৈ এইবোৰ অভ্যাস কৰক৷
কিডনী পৰিষ্কাৰ কৰি ৰাখিবলৈ পুৱাই খালী পেটত কুহুমীয়া গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই খালে কিডনী তথা লিভাৰ বিষমুক্ত হৈ থাকে৷ নেমুত থকা ভিটামিন-চি তথা এণ্টিঅক্সিডেণ্টে হজমশক্তি উন্নত কৰাত সহায় কৰে৷
পুৱাই ব্ৰেকফাষ্টত গ্ৰীন টী বা ভেষজ চাহ যেনে তুলসীৰ ৰসৰ চাহ, ডেণ্ডেলিয়নৰ চাহ আদি সেৱন কৰাৰ অভ্যাস কৰক৷ এই চাহে লিভাৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ গ্ৰীন টীত থকা কেটেচিন লিভাৰৰ কাৰ্যকাৰিতা বঢ়াই তোলে তথা তুলসীৰ চাহে কিডনীক বিশুদ্ধ কৰি ৰখাত সহায় কৰে৷
ব্ৰেকফাষ্টত তিয়ঁহ, তৰমুজ বা কমলাৰ দৰে পানীসমৃদ্ধ ফল খোৱাৰ অভ্যাস কৰক৷ যিয়ে কিডনীত জমা হোৱা টক্সিন বাহিৰ কৰি দিয়াত সহায় কৰে৷ এই ফলবোৰে শৰীৰক হাইড্ৰেটেড কৰি ৰাখে তথা লিভাৰৰ কাৰ্যকাৰিতা উন্নত ৰাখে৷
পুৱা বিছনাৰ পৰা উঠিয়েই শৰীৰচৰ্চাৰ অভ্যাস গঢ় দিয়ক৷ গভীৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়ামে শৰীৰত অক্সিজেনৰ মাত্ৰ বঢ়াই তোলে৷
ডিটক্সৰ কাৰণে কেফেইনযুক্ত পানীয়ৰ পৰিৱৰ্তে দৈনন্দিন ৰুটিনত ভেষজ চাহ অন্তৰ্ভুক্ত কৰক৷
কিডনীৰ সুস্থতা তথা ৰোগমুক্ত কৰি ৰাখিবলৈ নিয়মিতভাৱে কপালভাটি, ভুজংগাসন আদি আসন কৰিলে অংগবোৰক ডিটক্সিফাই কৰি ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here