মানুহৰ মস্তিষ্কতো মাইক্ৰ’প্লাষ্টিক! চমকি উঠিল বিজ্ঞানী

0
19

মানুহৰ মস্তিষ্কতো মাইক্ৰ’প্লাষ্টিক জমা হৈছে৷ এই দাবী কৰিছে ইউনিভাৰছিটি অব মেক্সিকো হেলথৰ বিজ্ঞানীয়ে৷ গৱেষণকে দাবী কৰা অনুসৰি ২০১৬ চনত মানুহৰ মস্তিষ্কৰ পেশী পৰীক্ষা কৰি যি পৰিমাণৰ প্লাষ্টিক কণা পোৱা গৈছে, ২০২৪ চনৰ পৰীক্ষাত তাতকৈ প্ৰায় ৫০ শতাংশ বৃদ্ধি হৈছে৷ যি বিষয়ক লৈ ইতিমধ্যে উদ্বেগ ব্যক্ত কৰিছে বিজ্ঞানীয়ে৷ উল্লেখ্য যে মস্তিষ্কত জমা হোৱা প্লাষ্টিকৰ কণাই স্মৃতিশক্তি নাশ কৰা, আলঝেইমাৰৰ দৰে মাৰাত্মক ৰোগৰ প্ৰধান কাৰণ হ’ব পাৰে বুলিও সতৰ্কবাণী শুনাইছে গৱেষকে৷ নেচাৰ মেডিচিন জাৰ্নালত এই গৱেষণাৰ তথ্য প্ৰকাশিত হৈছে৷ টক্সিকোলজিষ্ট মেথিউ কেম্পেনে জানিবলৈ দিয়া মতে এই গৱেষণাত যিসকলে অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ বেছিভাগৰে মস্তিষ্কত অতিকমেও সাত গ্ৰাম মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে৷ তেওঁলোকৰ মাজৰে কাৰোবাৰ শৰীৰত পেটত পোৱা গৈছে প্লাষ্টিকৰ কণা, যিবোৰৰ পৰা প্ৰস্তুত হয় প্লাষ্টিকৰ বটল, কাৰোবাৰ শৰীৰত পোৱা গৈছে পলিষ্টেৰাইন, যি থাকে খাদ্যৰ কণ্টেইনাৰত৷ আনহাতে কিছুমান মানুহৰ মস্তিষ্কৰ পোৱা গৈছে পলিইথালিন, যাৰ দ্বাৰা প্ৰস্তুত হয় প্লাষ্টিকৰ সৰু বেগ৷ আনহাতে কোনোবাজনৰ মস্তিষ্কত দুই তিনিবিধৰ প্লাষ্টিকৰ কণাও পোৱা গৈছে৷ গৱেষকে সদৰী কৰা মতে মাইক্ৰ’প্লাষ্টিক এইদৰে ক্ৰমে জমা হৈ থাকিলে শৰীৰৰ পৰা তেজত মিহলি হৈ থাকিলে পাছত শৰীৰৰ বিভিন্ন জটিল ৰোগৰ কাৰণ হৈ উঠিব৷ প্লাষ্টিক তেজত মিহলি হৈ ইনছুলিনৰ ক্ষৰণত বেয়া প্ৰভাৱ পৰিব৷ যাৰ কাৰণে পৰৱৰ্তী সময়ত ডায়েবেটিছৰ প্ৰধান কাৰণ হৈ উঠিব মাইক্ৰ’প্লাষ্টিক৷ এই মাইক্ৰ’প্লাষ্টিকে শৰীৰৰ হৰমনৰ ভাৰসাম্য সলনি কৰি দিব পাৰে৷ সেয়ে অধিক পৰিমাণে মাইক্ৰ’প্লাষ্টিক শৰীৰত জমা হ’লে পুৰুষসকলৰ ক্ষেত্ৰত দেহত শুক্ৰাণুৰ পৰিমাণ কমাই দিব৷ মহিলাসকলৰ ক্ষেত্ৰতো বিভিন্ন হৰমনৰ ক্ষৰণত বাধাৰ সৃষ্টি কৰিব৷ ইয়াৰ লগতে মাইক্ৰ’প্লাষ্টিক মস্তিষ্কত জমা হোৱাৰ ফলত বিভিন্ন জটিল স্নায়ৱিক ৰোগৰ কাৰণ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here