অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্ষ্টিটিউট অব্ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডি গুৱাহাটীৰ সোণাপুৰত অৱস্থিত৷ জনগণৰ স্বাস্থ্যৰ হিতৰ নিমিত্তে আই ইউ কে ডিয়ে অহোপুৰুষাৰ্থ কৰি আহিছে৷ ইয়াৰ অংশস্বৰূপে ইন্ষ্টিটিউট অব্ কিডনী ডিজিজেজে অসমৰ বিভিন্ন গাঁৱে-ভূঞে, প্ৰত্যন্ত অঞ্চলত মাহটোৰ প্ৰতি সপ্তাহতে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰি আহিছে, যাতে সকলো শ্ৰেণীৰ ৰাইজে উপযুক্ত চিকিৎসা সেৱা লাভ কৰিব পাৰে৷ আই ইউ কে ডিৰ এই জনহিতকৰ কামৰ অংশৰূপে এইবাৰৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো যোৱা ৫ মাৰ্চ তাৰিখ, বুধবাৰে হাফলঙত অনুূষ্ঠিত হৈ যায়৷ আই ইউ কে ডিৰ সহযোগ আৰু ইষ্টাৰ্ন ষ্ট’ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত হাফলঙৰ মেট্ৰ’ কেয়াৰ মাল্টিস্পেচিয়েল ক্লিনিকত এই বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ উল্লেখ্য যে আই ইউ কে ডিৰ এইটো আছিল ৮৬ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ৷ হাফলঙত অনুষ্ঠিত এই শিবিৰৰ আৰম্ভণিতে আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট, লেজাৰমেন খ্যাত ডাঃ অৰূপ কুমাৰ নাথে ৰোগীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ বিচাৰে৷ উল্লেখ্য যে ইতিমধ্যে ডাঃ নাথে অসমৰ বিভিন্ন প্ৰান্তত আই ইউ কে ডিয়ে কিডনী সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ পৰা প্ৰায় শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ শিবিৰত ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত যোৱা সহযোগী বিশেষজ্ঞ চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছ আদিৰে এটা বৃহৎ দলে এই ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়ায়৷ এই চিকিৎসা শিবিৰত সকলো দিশতে সহযোগ কৰি অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত ডাঃ নেলচন নাইডিং আৰু ডাঃ ৰ’নাল্ড বাথাৰিক আই ইউ কে ডিৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰা হয়৷ উল্লেখ্য যে সোণাপুৰত থকা আই ইউ কে ডি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰো সম্পাদন হৈছে৷