মানৱ সভ্যতাৰ বিবৰ্তন ক’ৰ পৰা হৈছিল : জানিলে অবাক হ’ব

0
28

মানৱ সভ্যতাৰ বিৱৰ্তন কোনখন দেশৰ পৰা হৈছিল, সেই বিষয়ে বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে৷ কিছুমান কোৱা মতে এছিয়া তথা আন একাংশ মত পোষণ কৰা অনুসৰি ইউৰোপ মুঠতে বিভিন্ন সমীক্ষাৰ তথ্যৰ ফলাফল ভিন্ন হোৱা হেতুকে নুবূুজা সাঁথৰ হিচাপে বিবেচিত হৈছে৷ সম্প্ৰতি এক গৱেষণাত প্ৰকাশ পাইছে যে মানৱ সভ্যতাৰ বিৱৰ্তনৰ প্ৰধান স্থান আছিল আফ্ৰিকা৷ নেচাৰ পত্ৰিকাত প্ৰকাশিত তথ্য অনুসৰি মানৱ সভ্যতাৰ বিৱৰ্তন যি ঠাইৰ পৰা আৰম্ভ হৈছিল, সেই ঠাই বা অঞ্চলেই সকলোতকৈ বেছি পিছপৰি আছে৷ বিজ্ঞানীয়ে জনায় যে আফ্ৰিকাৰ এখন সৰু চহৰৰ পৰা বহু পুৰণি মানুহৰ লাওখোলাৰ আৱিষ্কাৰ হয় আৰু সেইটোৱে আটাইতকৈ পুৰণি ফছিল বুলি চিনাক্ত কৰিছে গৱেষকে৷ ইয়াৰ পৰাই সিদ্ধান্ত উপনীত হয় যে এই লাওখোলাটো আফ্ৰিকাৰ চিৰাচৰিত মানুহৰ লাওখোলাতকৈ বহুত বেছি পৃথক৷ যাৰ ফলত যিদৰে মানুহৰ মস্তিষ্কৰ বিৱৰ্তন হৈছে, তাত পৃথিৱীৰ বিৱৰ্তনৰ নতুন কাহিনীও জানিব পৰা গৈছে৷ চাৰ্লছ ডাৰউইনে মানুহৰ বহুতো বিৱৰ্তনৰ তথ্য অধ্যয়ন তথা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত পোহৰলৈ আনে৷ তেওঁ জানিবলৈ দিছিল যে এছিয়া আৰু ইউৰোপ যিদৰে বিকশিত হৈছিল, আফ্ৰিকাই সেই পথত খোজ দিবলৈ সক্ষম হোৱা নাই৷ ১৮২৯ চনত যি হোমো বা মানৱ ফছিল পোৱা গৈছিল, তাৰ পাছত আফ্ৰিকাই নতুন এই বিৱৰ্তনৰ বিষয়ক তথ্য সহজে সন্মুখলৈ আহিব৷ দক্ষিণ আফ্ৰিকাৰ কেপটাউন বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে এই কামটো কৰিছে৷ তেওঁলোকে প্ৰধানতঃ মানুহৰ বিৱৰ্তনৰ তথা সংগ্ৰহক লৈ কাম কৰিবলৈ আৰম্ভ কৰিছে৷ তথ্যত প্ৰকাশ যে স্বাভাৱিক মানুহৰ লাওখোলাতকৈ যথেষ্ট ডাঙৰ আছিল সেই সময়ত আফ্ৰিকাৰ মানুহৰ মূৰৰ খোলা৷ মূৰৰ খোলা ডাঙৰ হোৱাৰ অৰ্থ আছিল সেই সময়ত মানুহৰ বহু বেছি চিন্তা-ভাবনা কৰিছিল আৰু নিজক বিস্তাৰিত কৰাৰ চেষ্টা চলাইছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here