সাধাৰণতে পুৱা উঠাৰ পৰা ৰাতি শোৱা পৰ্যন্ত আমি যিবোৰ খাদ্য গ্ৰহণ কৰোঁ, সেই সকলোবোৰ খাদ্যতে কম-বেছি পৰিমাণে নিমখ থাকে৷ ভাৰতত হৃদৰোগত আক্ৰান্ত হোৱাৰ সংখ্য যিমান, বেছি, তাতকৈও বেছি হাইপাৰটেনশ্যনৰ সমস্যাত ভোগা লোকৰ সংখ্যা৷ নিমখত থকা ছডিয়াম বিভিন্ন ক্ষেত্ৰত ইয়াৰ নেপথ্যৰ কাৰণ হ’ব পাৰে বুলি প্ৰকাশ পাইছে৷ সেয়ে এই প্ৰসংগত অৰ্থাৎ প্ৰতিদিনে নিমখ সেৱন পৰিমাণ সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থাই কিছু নিৰ্দেশনা প্ৰেৰণ কৰিছে, যাৰ জৰিয়তে আমাৰ শৰীৰক দৈনিক প্ৰয়োজনীয় নিমখৰ পৰিমাণ সম্পৰ্কে জানিবলৈ সক্ষম হয়৷ কিমান পৰিমাণ নিমখ খোৱা স্বাস্থ্যৰ বাবে নিৰাপদ, নিয়মিতভাৱে কিমান পৰিমাণৰ নিমখ খালে হাৰ্ট এটেক বা হাইপাৰটেনশ্যনৰ দৰে মাৰাত্মক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি, কোনবিধ নিমখ স্বাস্থ্যৰ পক্ষে বেছি ক্ষতিকাৰক আদি বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই এই নিৰ্দেশনাৰ জৰিয়তে জানিবলৈ দিয়ে৷
WHO-ৰ নিৰ্দেশনাত কোৱা হৈছে যে প্ৰতিদিনে শৰীৰলৈ যোৱা ছডিয়ামৰ পৰিমাণ দুই গ্ৰামৰ তলত থকা উচিত৷ সাধাৰণ নিমখত ২-৫ গ্ৰাম ছডিয়াম থাকে৷ অৰ্থাৎ WHO-ৰ নিৰ্দেশনা মানি চলিলে দিনে পাঁচ গ্ৰামৰ কম নিমখ খোৱা উচিত৷
WHO-ৰ নিৰ্দেশনা মতে সাধাৰণ নিমখৰ খোৱাৰ পৰিমাণ কমাই দিব লাগে, কাৰণ শৰীৰলৈ যোৱা ছডিয়ামৰ পৰিমাণ কমাবলৈ এইটো হৈছে প্ৰধান উপায়৷
নিমখ সেৱনৰ ক্ষেত্ৰত WHO-ৰ এই আহবানত লগতে কোৱা হৈছে যে সাধাৰণ নিমখত থকা ছডিয়ামৰ পৰিৱৰ্তে আশিংকভাৱে পটাচিয়াম সমৃদ্ধ নিমখ খোৱা উচিত৷ অৱশ্যে কিডনীৰ সমস্যা থকা শিশু, মহিলা অথবা যিকোনো ব্যক্তিৰ ক্ষেত্ৰত এই নিৰ্দেশনাটো প্ৰযোজ্য নহয়৷
উল্লেখ্য যে ভাৰতৰ কাৰণে WHO-ৰ এই নিৰ্দেশনা অত্যন্ত গুৰুত্বপূৰ্ণ৷ কিয়নো দেশত হৃদৰোগ, হাইপাৰটেনশ্যন, হাৰ্ট এটকৰ সমস্যা তথা ষ্ট্ৰ’ক আদিৰ সমস্যা কম বয়সীয়া লোকৰ মাজত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ভাৰতৰ চিকিৎসক সংগঠন আই চি এম আৰ-ইনডায়াৰৰ সমীক্ষা অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ৩৫.৫ শতাংশই হাইপাৰটেনশ্যনত ভুগিছে৷ ইয়াৰ লগতে গ্লবেল বাৰ্ডেন অব ডিজিজৰ এটা গৱেষণা অনুসৰি ভাৰতৰ মুঠ মৃত্যুৰ ২৮.১ শতাংশ হয় হৃদৰোগৰ কাৰণে৷ এইধৰণৰ জটিল সমস্যাৰ সৃষ্টি আঁৰৰ প্ৰধান কাৰণটোৱে হৈছে অত্যধিক পৰিমাণে নিমখ সেৱনৰ ফলত হোৱা সমস্যা৷ সেয়ে WHO-ৰ নিৰ্দেশনা সঠিক ৰূপত পালন কৰি, নিৰ্দিষ্ট পৰিমাণত নিমখ সেৱন কৰি শৰীৰ নিৰোগী কৰি ৰখাটো অতিকে আৱশ্যক৷