iUKD-ৰ ৮৩ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

0
11

গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্‌ষ্টিটিউট অব্‌ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে জিৰ ৮৩ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো যোৱা ১৯ ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলাৰ ধিঙত অনুূষ্ঠিত হৈ যায়৷ ধিং পৌৰসভাৰ উদে্যাগত আই ইউ কে ডি আৰু ইষ্টাৰ্ন ষ্ট’ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ সহযোগত নগাঁৱৰ ধিঙৰ পি ডব্লিউ ডিৰ আই বিত এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট, লেজাৰমেন খ্যাত ডাঃ অৰূপ কুমাৰ নাথক পৌৰসভাৰ ফালৰ পৰা পৌৰপতিয়ে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়৷ অনুষ্ঠানত ডাঃ নাথে কয় যে বিগত কেইমাহমান ধৰি অসমৰ বিভিন্ন প্ৰান্তত আই ইউ কে ডিয়ে কিডনী সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে আৰু ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে৷ ধিঙত অনুষ্ঠিত হোৱা শিবিৰো ইয়াৰে এটা অংশ৷ ডাঃ নাথে লগতে উল্লেখ কৰে যে ৰাইজক এইদৰে সেৱা কৰি যাবৰ বাবে ভগৱানে আৰু অধিক শক্তি প্ৰদান কৰক৷ তাৰ বাবে ডাঃ নাথে ৰাইজৰ মৰম আৰু আশীৰ্বাদ কামনা কৰে৷ আনহাতে পৌৰপতিয়ে ধিঙৰ দৰে এটা অঞ্চলত ডাঃ নাথৰ তত্ত্বাৱধানত চিকিৎসকৰ দলে এইদৰে চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে ধিংবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ পৰা প্ৰায় এশগৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ এই শিবিৰত ডাঃ অৰূপ কুমাৰ নাথৰ লগতে ডাঃ বিপুল পান্নাই ৰোগীসকলৰ চিকিৎসা সেৱা আগবঢ়ায়৷ উল্লেখযোগ্য যে সোণাপুৰ থকা আই ইউ কে ডি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰে সম্পাদন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here