মহাকাশত দুখন মহাকাশযানৰ সংযোগ ঘটোৱা বিশ্বৰ চতুৰ্থখন দেশৰূপে পৰিগণিত হৈছে ভাৰত৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা [ইছৰ’] প্ৰকাশ কৰা অনুসৰি দুখন মহাকাশযানৰ সংযোগ ঘটোৱাৰ [ডকিং] পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হয়৷ ইয়াৰ লগে লগে ভাৰতে এই সফলতা লাভ কৰা ৰাছিয়া, আমেৰিকা আৰু চীনৰ পাছতে চতুৰ্থখন দেশৰূপে পৰিগণিত হৈছে৷ স্পেডএক্স নাম দিয়া এই অভিযানৰ ওপৰত নিৰ্ভৰ কৰিছিল চন্দ্ৰযান-৪, গগনযান আৰু ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপনৰ দৰে অভিযানৰ সফলতা৷ উল্লেখ্য যে চন্দ্ৰযান-৪ৰ জৰিয়তে চন্দ্ৰৰ পৰা মাটি পৃথিৱীলৈ অনা হ’ব৷ আনহাতে গগনযান অভিযানত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহাকাশচাৰী মহাকাশলৈ যাব৷ ইছৰ’ই যোৱা ৩০ ডিচেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ‘স্পেচ ডকিং এক্সপেৰিমেণ্ট’ অভিযান আৰম্ভ কৰিছিল৷ এই অভিযানত দুখন মহাকাশযান মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল৷ প্ৰথমে যোৱা সাত জানুৱাৰীত আৰু পাছত ৯ জানুৱাৰীত যান দুখনৰ সংযোগ ঘটোৱাৰ কথা আছিল, কিন্তু কাৰিকৰী অসুবিধাৰ বাবে এই কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল৷ ১২ জানুৱাৰীত পুনৰ মহাকাশযান দুখন পৰস্পৰৰ কাষ চপোৱা হৈছিল, কিন্তু পাছত আঁতৰাই লৈ যোৱা হয়৷ অৱশেষত মহাকাশযান দুখনৰ সংযোগ সম্ভৱ হয়৷