গা ধোৱাৰ সময়ত প্ৰস্ৰাৱৰ প্ৰৱণতা আহে নেকি ?

0
52

বহুতৰে গা ধোৱাৰ সময়ত একে লগতে প্ৰস্ৰাৱ কৰা অভ্যাস থাকে৷ গা ধুবলৈ পানী গাত পৰিল কি নপৰিল, প্ৰস্ৰাৱৰ প্ৰৱণতা আহিয়েই যায়৷ ছুইমিং পুলৰ ক্ষেত্ৰতো পুলত নামিলেই প্ৰস্ৰাৱ কৰাৰ গুপ্ত অভ্যাস থাকি যায়৷ এই ক্ষেত্ৰত চিকিৎসকে ইয়াক সাধাৰণ নিতান্তই তুচ্ছ অভ্যাস বুলি কৈছে যদিও শাৰীৰিক বহুতো সমস্যাৰ কাৰণ হ’ব পাৰে এই বদঅভ্যাসটো৷ হাৰিয়ানাৰ ক্লাউড নাইন হস্পিটেলৰ স্ত্ৰীৰোগ বিশেষজ্ঞ শৈলী শৰ্মাই কৈছে যে গা ধোৱাৰ লগতে প্ৰস্ৰাৱ কৰাৰ অভ্যাসৰ ফলত তলপেটৰ পেশীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷ এই ক্ষেত্ৰত মূত্ৰনলী সম্পূৰ্ণভাৱে মুক্ত নহয়৷ ইয়াৰ ফলত পৰৱৰ্তী সময়ত মূত্ৰথলী তথা মূত্ৰনলীত পাথৰ জমা হোৱাৰ আশংকা থাকিব পাৰে৷ অৱশ্যে এই সমস্যা প্ৰধানকৈ মহিলাসকলৰ ক্ষেত্ৰত দেখা যায়৷ মুকলিকৈ প্ৰকৃতিৰ বুকুত প্ৰস্ৰাৱ কৰিলে মানসিক পৰিৱৰ্তনৰ যোগ থাকে৷ মূক্ৰত্যাগ কৰাৰ সময়ত হোৱাৰ হিচিং শব্দ শুনাৰ ফলত বাৰংবাৰ প্ৰস্ৰাৱ কৰাৰ ইচ্ছা জাগে৷ কিন্তু প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত পুৰুষ মহিলা উভয়েই সমস্যাৰ স্বীকাৰ হয়৷ আনহাতে দীৰ্ঘদিন ধৰি স্নান কৰাৰ সময়ত প্ৰস্ৰাৱ কৰাৰ অভ্যাসৰ বাবে তলপেটৰ পেশীৰ কাৰ্যক্ষমতা দুৰ্বল হয়৷ মহিলাসকলৰ ক্ষেত্ৰত মূত্ৰনলী বা মূত্ৰথলী সংক্ৰান্ত শৰীৰৰ অভ্যন্তৰীণ সমস্যাত ভোগাৰ আশংকা এই ক্ষেত্ৰত বেছি দেখা যায়৷ পৰিচ্ছন্নতাৰ দিশলৈ লক্ষ্য কৰিলে পুৰুষ তথা মহিলা উভয়ৰ ক্ষেত্ৰতে বিষয়টো একেধৰণৰ৷ প্ৰস্ৰাৱত বিভিন্ন ধৰণৰ বেক্টেৰিয়া আৰু এম’নিয়া থাকে৷ এম’নিয়া স্নানঘৰৰ দুৰ্গন্ধৰ সৃষ্টি কৰে আৰু বেক্টেৰিয়াৰ বাসযোগ্য কৰে বাবে স্নানঘৰ পৰিষ্কাৰ কৰি ৰখাটো অতিকে জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here