কচুশাকে শৰীৰত হিমগ্ল’বিনৰ অভাৱ পূৰ কৰে

0
44

আমাৰ চাৰিওফালে সিঁচৰতি হৈ থকা, অতি সহজে পোৱা এবিধ খাদ্য হ’ল কচুশাক৷ আমি খোৱা পাচলিবোৰৰ ভিতৰত কচুৱে একমাত্ৰ এবিধ খাদ্য, যাৰ প্ৰত্যেকটো অংশকে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰি৷ কচুৰ গা-গছ, কাণ্ড, কুমলীয়া পাত সকলোখিনিয়েই খোৱা হয়৷ আইৰনেৰে সমৃদ্ধ খাদ্যৰ কথা ক’লে প্ৰথমে আমাৰ মনলৈ আহে কচুশাকৰ কথা৷ কচুশাক বহুতো পুষ্টিগুণেৰে ভৰপূৰ৷ আজি আপোনালোকক কচুশাকৰ পুষ্টিগুণ সম্পৰ্কে জনাবলৈ লৈছোঁ৷
কচুশাকত প্ৰচুৰ পৰিমাণে আইৰন পোৱা যায়৷ যিয়ে আমাৰ তেজত অক্সিজেনৰ পৰিবহণত সহায় কৰে৷
শৰীৰত আইৰনৰ অভাৱ পূৰাবলৈ, হিমগ্ল’বিনৰ অভাৱ দূৰ কৰিবলৈ কচু উত্তম পথ্য হিচাপে বিবেচিত হৈছে৷
কচুত ভিটামিন-এ, ভিটামিন-চি যথেষ্ট পৰিমাণে পোৱা যায়৷ ই আমাৰ দৃষ্টিশক্তি ভালে ৰখাত সহায় কৰে৷
মেংগানিজ, ফ্লেবোনয়ড আদি লাগতিয়াল উপাদান কচুত পোৱা যায়৷ যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ ইয়াৰ উপৰি হাড় মজবুত কৰাত কচুৱে উল্লেখনীয় ভূমিকা লয়৷
কচুশাকত ফ্লেবোনয়ড থকাৰ উপৰি বিভিন্ন ৰকমৰ ভিটামিন, মিনাৰেল আদি পোৱা যায়, যিয়ে হূদৰোগৰ সমস্যা দূৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here