শীতকালত পুৱাই খালী পেটত কিচমিচ খালে মেজিকৰ দৰে কাম কৰে৷ পুষ্টিবিদৰ মতে শুকান ফল বা ড্ৰাই ফ্ৰুইটছে ছালৰ শুষ্কতা নিৰাময়ৰ বাবে সাংঘাতিক কাম কৰে৷ এই ড্ৰাই ফ্ৰুইটছৰ ভিতৰত কিচমিচ অন্যতম এবিধ উপকাৰী ফল৷ এই ফলবিধ আঙুৰ শুকাই প্ৰস্তুত কৰা হয়৷ পুুষ্টিবিদে কোৱা মতে ক’লা, বাদামী, সোণালী ৰঙৰ এই ফলবিধ খুবেই শক্তিদায়ক৷ ইয়াক সূৰ্যৰ তাপত তৈয়াৰ কৰা হয়৷ এইবিধ ফলে শৰীৰৰ তেজৰ পৰিমাণ দ্ৰুত বৃদ্ধি কৰে, পিত্ত বা বায়ুৰ সমস্যা দূৰ কৰে তথা হূদপিণ্ডক বাবে এই ফল খুবেই উপকাৰী৷
কিচমিচ প্ৰাকৃতিক শৰ্কৰা সমৃদ্ধ তথা শৰীৰৰ কেলৰি যোগ কৰাৰ উপৰি ক্ষুধা নিয়ন্ত্ৰণ কৰিব পাৰে৷ সেয়ে কিচমিচ খোৱাৰ ফলত দীৰ্ঘসময়ৰ বাবে পেটভৰ্তি অনুভৱ হৈ থাকে৷ যাৰ ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে৷
প্ৰচুৰ পৰিমাণে লৌহ আৰু ভিটামিন-বি কমপ্লেক্স সমৃদ্ধ কিচমিচ ৰক্তস্বপ্লতা সমস্যা নিৰ্মূলত সহায় কৰে৷ ইয়াত থকা কপাৰে তেজত লোহিত কণাৰ পৰিমাণ বৃদ্ধি কৰে৷
কিচমিচ আঁহ সমৃদ্ধ বাবে ই?াক পানীত তিয়াই ৰখাৰ কাৰণে এটা প্ৰাকৃতিক ৰেচক হিচাপে কাম কৰে৷ ভিজাই থোৱা কিচমিচ খালে হজমৰ সমস্যা উন্নত হয়, কোষ্ঠকাঠিন্যৰ সমস্যা কমোৱাৰ লগতে পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷
বৰণ হাড় গঠনৰ কাৰণে প্ৰয়োজন, যি কিচমিচত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ প্ৰতিদিনে তিয়াই থোৱা কিচমিচ খালে হাড় সুস্থ আৰু সুদৃঢ় ৰখাত সহায় কৰে৷ কিচমিচ আছে এণ্টি বেক্টেৰিয়েল উপাদান, যিয়ে মুখৰ স্বাস্থ্য ৰক্ষা কৰাৰ লগতে মুখৰ দুৰ্গন্ধ নিৰাময়ত সহায় কৰে৷