ৰহস্যময় মহাদেশ এণ্টাৰ্কটিকা৷ বিভিন্ন ৰহস্যৰ সন্ধান লাভ কৰাৰ বাবে এই স্থান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ পৰ্যটকৰ উপস্থিতিয়ে বৰফে আৱৰা মহাদেশ এণ্টাৰ্কটিকাৰ বাস্তুতন্ত্ৰ বৃহৎ ধৰণে সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে বুলি জনাইছে জলবায়ু বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে এইবুলি দাবী কৰিছে যে পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ কাৰণে ইতিমধ্যে প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে এণ্টাৰ্কটিকাত৷ ছিলিৰ ছাণ্টিয়াগো ডি ছিলি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে জানিবলৈ দিয়া মতে এণ্টাৰ্কটিকাৰ পৰ্যটকৰ অৱতৰণস্থল আৰু বিভিন্ন গৱেষণা ষ্টেচনৰ আশে-পাশে থকা বৰফ প্ৰতিবছৰে ক’লা বৰণৰ হৈ গৈ আছে৷ এই পৰিৱৰ্তনৰ কাৰণে এণ্টাৰ্কটিকালৈ যোৱা জাহাজ, হেলিকপ্টাৰ, প্লেন, ট্ৰাক আৰু ডিজেল জেনেৰেটৰৰ পৰা উৎপাদিত ক’লা কাৰ্বনক দায়ী কৰিছে৷ আনহাতে এণ্টাৰ্কটিকাত পৰ্যটকবাহী ক্ৰুজ জাহাজৰ পৰা কাৰ্বন নিৰ্গমণে মুখ্য সমস্যা হিচাপে দেখা দিছে৷ জানিব পৰা মতে এণ্টাৰ্কটিকাত পৰ্যটনৰ ভ্ৰমণৰ বাবে যাত্ৰীপ্ৰতি ৫.৪৪ টন কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হৈছে৷ বিজ্ঞানীয়ে সম্প্ৰতি এণ্টাৰ্কটিকাত তাপপ্ৰবাহ পৰ্যবেক্ষণ কৰিছে৷ সকলোখিনি মিলি এণ্টাৰ্কটিকাৰ জলবায়ুৰ ওপৰত পৰ্যটকৰ উপস্থিতিয়ে ডাঙৰ প্ৰভাৱ পেলাইছে৷ ইয়াক ৰোধ নকৰিলে এই প্ৰৱণতা ভ্ৱিষ্যতে আৰু বঢ়াৰ সম্ভাৱনা ব্যক্ত কৰে জলবায়ু বিশেষজ্ঞই৷