দেশৰ প্ৰায়ভাগ ৰাজ্যৰ লগতে অসমৰ বাসিন্দাৰ প্ৰধান খাদ্য হ’ল চাউলৰ পৰা উৎপাদিত ভাত৷ অসমীয়া লোকে পেটৰ ভোক গুচাবলৈ প্ৰথম পচন্দৰ খাদ্য হিচাপে ভাত ধৰা হয়৷ সেই ভাত খায়েই অসমীয়াই কামৰ কৰিবলৈ শক্তি যোগাই আৰু এটা সুন্দৰ জীৱন নিৰ্বাহ কৰে৷ কিন্তু জীয়াই থকাৰ প্ৰধান খাদ্য এই ভাতগৰাহে এতিয়া বিষতুল্য হিচাপে পৰিগণিত হৈছে৷ হয়, আপুনি ঠিকেই শুনিছে, আপুনি হয়তো জানি আচৰিত হ’ব যে অসমৰ প্ৰধান খাদ্য শস্য চাউলত বিষাক্ত আৰ্ছেনিক উপস্থিতি ধৰা পৰিছে৷ শেহতীয়াভাৱে এদল অসমীয়া বিজ্ঞানীৰ গৱেষণাত পোহৰলৈ আহিছে যে অসমত এতিয়া কেৱল খোৱাপানীতে নহয়, পথাৰৰ উৎপাদিত ধানতো সোমাইছে বিষাক্ত আৰ্ছেনিক৷ অসমৰ ভূগৰ্ভৰ পানীত থকা বিষাক্ত আৰ্ছেনিক ধানগছৰ শিপাই শুহি লোৱাৰ ফলত এতিয়া ধান গছজোপাও হৈ পৰিছে বিষাক্ত৷ যাৰ ফলত শেহতীয়াভাৱে ৰাজ্যত কিডনী বিকল, কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ সেয়ে আৰম্ভণিতে যদি অসমৰ মাটি তথা পানীত বিয়পি থকা বিষাক্ত আৰ্ছেনিক নিয়ন্ত্ৰণ নহয়, তেনেহ’লে অদূৰ ভৱিষ্যতে অসমবাসীৰ বাবে মৃত্যুদূতত পৰিণত হ’ব এই প্ৰধান খাদ্যশস্য চাউল তথা পিয়াহৰ পানীটুপি৷ এই ভয়ংকৰ তথা বিস্ফোৰক তথ্য পোহৰলৈ আনিছে ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান তথা জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী তথা অসম সন্তান ড॰ জগন্নাথ বিশ্বকৰ্মাই চলোৱা এক গৱেষণাৰ জৰিয়তে৷ ড॰ বিশ্বকৰ্মাই চলোৱা এই গৱেষণাক লৈ এতিয়া দেশজুৰি চৰ্চিত হৈ পৰিছে৷ বিশ্বৰ বিজ্ঞান জগতৰ আটাইতকৈ সম্ভ্ৰান্ত তথা জনপ্ৰিয় আলোচনী জিঅ’গ্ৰাফিকেলে অসম সন্তান ড॰ জগন্নাথ বিশ্বকৰ্মাৰ গৱেষণাৰ সবিশেষ তথ্যৰ এক প্ৰবন্ধ প্ৰকাশ কৰাৰ পাছতে অসমত আৰ্ছেনিক ভয়াৱহতাৰ বিষয়টোক লৈ বিশ্বৰ বিজ্ঞানীসকল কৌতূহল হৈ পৰিছে৷ উল্লেখ্য যে ড॰ বিশ্বকৰ্মাৰ গৱেষণাত অসমৰ ভূগৰ্ভৰ পানীত এতিয়া ৬০-৭০ শতাংশ আৰ্ছেনিক উপস্থিতি ধৰা পৰিছে৷