দীৰ্ঘ সময় কেইবাঘণ্টা ধৰি একে ঠাইতে চকীত বহি কাম কৰাৰ ফলত পিঠি, কঁকাল, কান্ধ আদি বিষ অনুভৱ হয়৷ আজিকালি কোনোধৰণৰ শাৰীৰিক শ্ৰম নোহোৱাকৈ সৰহসংখ্যক লোকেই অফিচত এইদৰে কাম কৰাৰ ফলত কঁকালৰ বিষ সমস্যা বাঢ়িবলৈ লৈছে৷ একেলেথাৰিয়ে চকীত ঘণ্টাৰ পাছত ঘণ্টা বহি বহি কাম কৰাৰ ফলত পিঠি, কঁকাল, ঘাৰ আদিৰ বিষ হোৱা স্বাভাৱিক৷ দীৰ্ঘদিন ধৰি এই সমস্যা থাকিলে অস্থিসন্ধি বা পেশীৰ নমনীয়তা নষ্ট হ’ব পাৰে৷ বহুতেই আকৌ এইধৰণৰ বিষ-বেদনা নিৰাময়ৰ বাবে গৰম সেক, মলম বা ঔষধৰ আশ্ৰয় লয়৷ কিন্তু এই ব্যৱস্থাই সাময়িকভাৱেহে সকাহ দিয়ে৷ দীৰ্ঘ তথা স্থায়ী সমাধানৰ বাবে যোগাসনৰ ওপৰত ভৰসা কৰিব পাৰে৷ যোগাসনৰ জৰিয়তে এইধৰণৰ সমস্যা নিৰ্মূল হয়৷ এইদৰে হোৱা কঁকাল¸, পিঠি তথা কান্ধৰ বিষৰ বাবে পৃথকে পৃথকে ব্যায়াম কৰাতকৈ সকলোবোৰ সমস্যা সমাধানৰ বাবে একমাত্ৰ চক্ৰাবাকাসন আসন কৰাৰ অভ্যাস কৰক, যথেষ্ট সুফল লাভ কৰিব৷
কিদৰে কৰিব চক্ৰাবাকাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে হামখুৰিকৈ কৰাৰ ভংগীত মেটৰ ওপৰত বহি লওক৷ ইংৰাজীত যাক টেবল টপ পজ বুলি কোৱা হয়৷ এই সময়ত গোটেই শৰীৰৰ ভাৰ হাতৰ তলুৱা বা হাতৰ ওপৰত থাকিব৷ এই সময়ত উৰুৰ পৰা ভৰিৰ তলৰ অংশ লক্ষ্য কৰিলে দেখিব ইংৰাজীৰ ওলোটা এল আখৰটোৰ দৰে দেখিব৷ শ্বাস-প্ৰশ্বাস স্বাভাৱিকভাৱে লওক৷ চকু মাটিৰ ফালে নিবদ্ধ ৰাখক৷ এইবাৰ হাত দুখন ভাঁজ কৰি গোৰোহাৰ ওপৰত ৰাখক৷ গ্ৰীবা টান কৰি দিয়ক আৰু মূৰটো মাটিত গুঁজি দিব৷ হাত দুখন বুকুৰ ওচৰতে থৈ দিব৷ এইদৰে দহ মিনিটমান থাকি তাৰ পাছত আগৰ অৱস্থালৈ ঘূৰি যাব৷ এইদৰে অন্ততঃ পাঁচবাৰ চক্ৰাবাকাসন অভ্যাস কৰক৷ এই আসন কৰাৰ সময়ত শ্বাস-প্ৰশ্বাস লোৱাৰ ক্ষেত্ৰত বিশেষ নজৰ দিব৷