শৰীৰৰ মেদ বৃদ্ধিৰ আঁৰত গুৰুত্বপূৰ্ণ নতুন কাৰণ

0
48

স্থূলতা বা শৰীৰৰ মেদ বৃদ্ধি হোৱাৰ আঁৰত গুৰুত্বপূৰ্ণ কাৰণ বিচাৰি পাইছে গৱেষকে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ১৯৭৫ চনৰ পৰা গোটেই বিশ্বত স্থূল তথা মেদবহুল লোকৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি হৈছে৷ এই সংখ্যা বিস্ময়কৰভাৱে বাঢ়ি যোৱাৰ পাছত আছে বহুতো কাৰণ৷ আনহাতে দেহত মেদ বা চৰ্বি বাঢ়ি যোৱাৰ বাবে বহুতেই উচ্ছ ফেটযুক্ত, গধুৰ আৰু প্ৰক্ৰিয়াজাত খাদ্য খোৱাৰ অভ্যাস কৰে বা জীৱনধাৰাকে দোষাৰোপ কৰে৷ এই সকলোবোৰে নিঃসন্দেহে শৰীৰত চৰ্বি বা মেদ বঢ়াত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে৷ কিন্তু বিশ্বজুৰি লোকৰ শৰীৰত মেদ বাঢ়ি যোৱাৰ বিষয়টোৰ মূল কাৰণ এতিয়াও অনিশ্চিত হৈ আছে বিজ্ঞানীৰ মাজত৷ সম্প্ৰতি ইউনিভাৰছিটি অব বণ্টনৰ ড॰ বাৰবাৰা ই কৰ্কিয়ে এইবাৰ এটা নতুন তত্ত্ব সন্মুখলৈ আনিছে৷ য’ত মানুহৰ খাদ্যৰ ওপৰত মনোযোগ হেৰাই গুৰুত্ব পাইছে তাৰ আৱাসস্থলৰ পৰিৱেশৰ ওপৰত৷ কৰ্কিয়ে জনোৱা মতে আমাৰ আশে-পাশে থকা ওবোচোজেন নামৰ ৰাসায়নিক উপাদান শৰীৰ প্ৰাকৃতিক বিভিন্ন ছিষ্টেমক ব্যাহত কৰিব পাৰে৷ আৰু এই সকলো প্ৰাকৃতিক ছিষ্টেমে দেহৰ ক্ষুধা আৰু চৰ্বি জমা হোৱাৰ দৰে বিষয়ক নিয়ন্ত্ৰণ কৰে৷ পৰিৱেশত এইবোৰ ৰাসায়নিক পৰিসৰ বিগত ৫০ বছৰত আৰু বৃদ্ধি পাব বুলি বিজ্ঞান ভিত্তিক ছাইট নোৰিজত প্ৰতিবেদন আকাৰে প্ৰকাশ পাইছে৷ ইয়াৰ ফলত এইবোৰ ভুল সংকেত পঠিয়াব পাৰে৷ যেনে– ক্ষুধা নালাগিলেও মানুহক ক্ষুধাৰ্ত অনুভৱ কৰাব পাৰে, অথবা প্ৰয়োজনতকৈ শৰীৰে মাত্ৰাধিক পৰিমাণে চৰ্বি সঞ্চয় কৰি প্ৰৰোচিত কৰাব পাৰে৷ কৰ্কিয়ে কৈছে যে শৰীৰৰ প্ৰাকৃতিক বিভিন্ন প্ৰক্ৰিয়াত বাধা দিয়াৰ উপৰি মানুহৰ ওজন বৃদ্ধিৰ স্বাভাৱিক ভাৰসাম্যক নষ্ট কৰিছে এই ওবেচোজেনে৷ আধনিক বিশ্বত প্লাষ্টিক, সাৰ, কীটনাশক, বায়ু প্ৰদূষণ আনকি অতি-প্ৰক্ৰিয়াজাত খাদ্যসহ বহুতো উৎসৰ পৰা আহিব পাৰে এই ওবেচোজেন৷ সেয়ে স্থূলতাৰ সংকট নিৰ্মূল কৰিবৰ বাবে ৰাসায়নিক উপাদান চিনাক্ত কৰি তথা এইবোৰ উপাদান পৰিৱেশৰ পৰা কমাই অনাৰ প্ৰয়োজনতা আছে৷ কৰ্কিৰ অনুমান সঠিক হ’লে স্থূলতা সম্পৰ্কে মানুহৰ দৃষ্টিভংগীৰ আমূল পৰিৱৰ্তন হ’ব এই গৱেষণাৰ জৰিয়তে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here