ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ এই কথাটো আমি সকলোৱে জানো৷ ধূমপান সেৱনৰ পৰা দূৰত থাকিবলৈ সতৰ্কতাসূচক বাৰ্তা হিচাপে বিভিন্ন বিজ্ঞাপন টিভি, চিনেমা অথবা হৰ্ডিঙত দেখিবলৈ পাওঁ৷ বিভিন্ন বিধিবদ্ধ সতৰ্কীকৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন সভা, কাৰ্যসূচী আদিৰে ধূমপানৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে নাগৰিকৰ জনোৱা বাবে সৰ্বত্ৰে চৰ্চা কৰা পৰিলক্ষিত হয়৷ ধূমপানে মনৰ আনন্দত হওক বা মানসিক উদ্বেগ কমাবলৈ ধোঁৱা সেৱন কৰা হয় যদিও ইয়াৰ শৰীৰৰ ওপৰত পৰা কুপ্ৰভাৱৰ বিষয়ে কোনো সন্দেহ নাই৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে চিগাৰেটতকৈও বেছি ক্ষতিকাৰক হিচাপে চিহ্নিত হৈছে মহ খেদা কয়ল৷ সম্প্ৰতি এক গৱেষণাত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে৷ বছৰ সকলো সময়তো মহৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই মহ খেদাবলৈ ধূপ বা কয়ল জ্বলায়৷ কিন্তু মদ খেদিবলৈ বন্ধ ঘৰত জ্বলোৱা কয়ল কিমান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সেই কথা হয়তো বহুতেই নাজানে৷ গৱেষণাই কোৱা মতে মহ খেদিবলৈ ব্যৱহাৰ কৰা ধূপ বা কয়লৰ পৰা যি ধোঁৱা নিৰ্গত হয়, আক্ষৰিক অৰ্থত তাৰ পৰাই বতাহত বিষ নিৰ্গত হয়৷ যাৰ প্ৰভাৱ ১০০টা চিগাৰেট খালে ওলোৱা ধোঁৱাতকৈ বেছি ক্ষতিকাৰক৷ আনহাতে আপুনি যদি নন স্মেকাৰ হয়, জীৱনত কোনোদিনে চিগাৰেট শুহিয়েই পোৱা নাই, তেনেহ’লে মদ খেদোৱা কয়লৰ ধোঁৱাৰ কাৰণে আপোনাৰ হাঁওফাঁওৰ গুৰুতৰ ক্ষতি হ’ব পাৰে৷ দীৰ্ঘদিন ধৰি মদ খেদিবলৈ জ্বলোৱা ধূপৰ পৰা যি ধোঁৱা নিৰ্গত হয়, সেই শৰীৰত প্ৰৱেশ কৰাৰ ফলত ক্ৰনিক অবষ্ট˜াকটিভ পালমোনাৰি ডিজিজ হোৱাৰ আশংকা থাকে, যি ধূমপানতকৈও বেছি ক্ষতিকাৰক৷ সমীক্ষাত দেখা গৈছে যে ১০০টা চিগাৰেট খোৱাৰ সমান ক্ষতিকৰ কয়লৰ পৰা ওলোৱা ধোঁৱাৰ শ্বাস লোৱাটো৷ সেয়ে এইধৰণৰ মদ খেদা কয়ল ব্যৱহাৰ বন্ধ কৰিবলৈ পৰামৰ্শ দিছে বিশেষজ্ঞই৷