মিঠাই খোৱাৰ প্ৰবল ইচ্ছা ! চিকাৰ হৈছে নেকি কোনো ৰোগৰ?

0
16

বিশেষজ্ঞৰ মতে খোৱা কাৰ্যটো কেৱল শাৰীৰিক চাহিদা নহয়, ইয়াৰ সৈতে মনৰো সম্পৰ্ক থাকে৷ কেতিয়াবা পেটৰ ভোক নাথাকিলেও কিছুমান খাদ্য দেখিলে মনটোৱে খাওঁ খাওঁ কৰে বা মনত খাবলৈ ইচ্ছা জাগে৷ যাক কোৱা হয় চকুৰ ভোক৷ কাৰণ কোনো বিশেষ স্বাদৰ প্ৰতি চকুৰ আকৰ্ষণ থাকে৷ আনহাতে কিছমান বস্তু খোৱাৰ ক্ষেত্ৰত সকলো সময়তে প্ৰবল ইচ্ছা জন্মি থাকে৷ বিশেষকৈ মিঠাই খোৱাৰ প্ৰৱণতা সকলো সময়তে থাকে৷ মানসিক চাপ থাকিলেও অথবা শৌচ হাগনি হ’লেও মিঠাই চকুৰ আগত পৰিলে খাবলৈ মন যোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু কিছু লোকৰ ক্ষেত্ৰত এই প্ৰৱণতাটো অতি বেছি হয়৷ অৰ্থাৎ অনৱৰতে মিঠাই খোৱাৰ ইচ্ছা গৈয়ে থাকে৷ মিঠাই দেখিলেই হ’ল আৰু৷ আচলতে শৰীৰৰ কোনো অংগৰ সৈতে প্ৰতিটো বিশেষ স্বাদৰ সম্পৰ্ক থাকে যদিও অত্যধিক মিঠাই খোৱাৰ ইচ্ছাটো কিন্তু স্বাভাৱিক নহয়৷ এই ক্ষেত্ৰত শৰীৰৰ বিশেষ কিছুমান পৰিৱৰ্তন হ’লেহে মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ে৷ জানো আহক ইয়াৰ আঁৰৰ কথাবোৰ৷
ৰাতি সঠিক মাত্ৰাত টোপনি নাহিলে শৰীৰৰ বিভিন্ন হৰমনৰ ভাৰসাম্য বজাই নাথাকে৷ যেনে লেপটিন নামৰ হৰমনে শৰীৰত সঠিকভাৱে কোনে খাদ্য কিমান প্ৰয়োজন, কোন খাদ্য খাবলৈ আৰু ইচ্ছা নকৰা এইসকলৰ মাজৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে৷ পৰ্যাপ্ত মাত্ৰাত টোপনি নহ’লে সেই ভাৰসাম্য বিনষ্ট হৈ যায়৷ যাৰ ফলত ভজা-পোৰা বা মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ে৷
বহু সময়ত দেখা যায় যে অত্যধিক মানসিক চাপ, উদ্বেগ আদিৰ কাৰণে শৰীৰ কৰ্টিছল নামৰ হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷ এই হৰমনে ইনছুলিনৰ ভাৰসাম্যক বিঘ্নিত কৰে৷ তেনে সময়ত চেনিজাতীয় খাদ্য খোৱাৰ প্ৰৱণতা বাঢ়ি যায়৷
আনহাতে শৰীৰত কেলচিয়াম, মেগনেচিয়াম, ক্ৰ’মিয়াম আদিৰ অভাৱ হ’লে মিঠাই খোৱাৰ প্ৰতি আগ্ৰহ জন্মে৷
প্ৰতিদিনে শৰীৰত বেছি মাত্ৰাত কাৰ্বহাইড্ৰেট প্ৰৱেশ কৰিলে ইনছুলিনৰ ক্ষৰণ বাঢ়ে৷ যাৰ ফলত বেছি কাৰ্বহাইড্ৰেট খোৱাৰ ইচ্ছা হয়৷ আচলতে কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্যক পৰিপাকতন্ত্ৰত চেনিয়ে ভাঙি দিয়ে৷ যি তেজৰ জৰিয়তে কোষলৈ গৈ শক্তিলৈ ৰূপান্তৰিত হয়৷ ফলত মিঠাইজাতীয় খাদ্য খোৱাৰ প্ৰতি আগ্ৰহ বাঢ়ি যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here