প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে তৈয়াৰ কৰিলে বায়’প্লাষ্টিকৰ বটল

0
18

প্লাষ্টিকৰ বটলত পানী সেৱন কৰাটো স্বাস্থ্য পক্ষে ক্ষতিকাৰক৷ দীৰ্ঘকাল ধৰি প্লাষ্টিকৰ বটলেৰে পানী সেৱন কৰাৰ ফলত আমাৰ শৰীৰত বিভিন্ন মাৰাত্মক ৰোগে দেখা দিব পাৰে৷ সেই কথা বিশেষজ্ঞই ইতিমধ্যে কৈ আহিছে৷ প্লাষ্টিকৰ বটলত পানী সেৱন কৰা সঠিক নহয় বাবে ইয়াৰ বিকল্প হিচাপে আন এক পথ দেখুবাইছে কেৰালাই৷ প্লাষ্টিকৰ বটলৰ পানী সেৱন কৰাৰ সম্পৰ্কত সমগ্ৰ ভাৰতবৰ্ষকে এক নতুন পথৰ সন্ধান দিছে কেৰালাই৷ কেৰালাৰ চৰকাৰী পানীয় সংস্থাই প্ৰস্তুত কৰিছে বায়’প্লাষ্টিকৰ বটল৷ এইবোৰ সাধাৰণ প্লাষ্টিকৰ বটলৰ দৰে নহয় আৰু এইবোৰ প্ৰস্তুত কৰা হৈছে পেলনীয়া আৱৰ্জনাৰ পৰা৷ যদিও বৰ্তমান এই বটল পৰীক্ষাৰ পৰ্যায়তে আছে, তথাপি দ্ৰুতভাৱে ইয়াক ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰযোগ কৰা হ’ব৷ এই বায়’প্লাষ্টিকৰ বটলৰ ম্যাদ ছয়মাহ পৰ্যন্ত থাকিব আৰু তাৰ পাছত ইয়াক ব্যৱহাৰ কৰিব পৰা নাযাব৷ এই বটলবোৰ পানী সেৱন কৰাৰ পাছত পেলাই দিয়ে সহজে মাটিত মিহলি হৈ যাব৷ কোচিৰ এটা প্ৰতিষ্ঠানত এই বটল নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে৷ ইয়াৰ পানী বটলৰ ভিতৰত সুৰক্ষিত হৈ থাকিব৷ অৱশ্যে এটা চিন্‌চাৰ বিষয় হ’ল যে এই বায়’প্লাষ্টিকৰ বটলবোৰ তৈয়াৰ কৰাত সাধাৰণ বটলৰ পানীৰ বটলৰ তুলনাত প্ৰায় পাঁচগুণ বেছি খৰচ পৰিব৷ উল্লেখ্য যে বৰ্তমান বিশ্বৰ প্ৰতিখন দেশ প্লাষ্টিকৰ প্ৰদূষণৰ দ্বাৰা জৰ্জৰিত৷ ইয়াৰ বাবে এই দূষৰ পৰা মুক্তিৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ আৱশ্যকতা আহি পৰিছে৷ নহ’লে সকলোতকৈ বেছি প্ৰদূষিত হ’ব মাটি৷ তাৰ পাছত ইয়াত কোনোধৰণৰ ফচল নহ’ব৷ সেয়ে নতুন এই আৱিষ্কাৰে সমগ্ৰ বিশ্বকে প্লাষ্টিকৰ প্ৰদূষণ ৰোধৰ বাবে নতুন এক বাটৰ সন্ধান দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here