বছৰৰ আৰম্ভণিতে বিস্ময় : নিশাৰ আকাশত উল্কাবৃষ্টি

0
20

বছৰৰ আৰম্ভণিতেই নিশাৰ আকাশত দেখা যাব বিস্ময়কৰ পৰিঘটনা৷ সকলোকে অবাক কৰি উল্কাবৃষ্টি দেখিবলৈ সাজু হৈছে বিশ্ববাসীৰ লগতে ভাৰতবাসীয়েও৷ এই উল্কাবৃষ্টি সুন্দৰভাৱে প্ৰত্যক্ষ কৰিব পাৰিব মুকলি আকাশৰ পৰা৷ নিশাৰ আকাশত তিনি-চাৰি জানুৱাৰীৰ পৰা ১৬ জানুৱাৰী পৰ্যন্ত এই উল্কাবৃষ্টি হ’ব৷ নিশা হোৱাৰ লগে লগে এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰাৰ সুযোগ মিলিবসকলোৰে৷ বিশেষকৈ মুকলি আকাশত তলত থিয় হ’লেও ইয়াৰ এই নান্দনিক দৃশ্য দেখিবলৈ সক্ষম হ’ব৷ এই উল্কাপাতক কোৱা হৈছে চতুষ্কোণ উল্কাপাত, যি ভাৰতৰ সকলো প্ৰান্তৰৰ পৰা দেখা যাব৷ তিনি জানুৱাৰীৰ নিশা আঠ বাজি ত্ৰিছ মিনিটৰ পৰা আৰম্ভ হৈ চাৰি জানুৱাৰী নিশালৈকে এই দুটা দিনত সকলোতকৈ বেছি উল্কাপাত হ’ব৷ তাৰ পাছত উল্কাপাতৰ সংখ্যা কমি যাব যদিও ষোল্ল জানুৱাৰীপৰ্যন্ত নিশাৰ আকাশত উল্কাপাত দেখা পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here