পৰিৱেশ-অনুকূল প্লাষ্টিক উদ্ভাৱন কৰিলে বিজ্ঞানীয়ে

0
8

জাপানী বিজ্ঞানীয়ে আন এক কৃতিত্বৰ দাবীদাৰ হৈ উঠিছে৷ প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ বন্ধ কৰিবলৈ বিশ্বজুৰি প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে জাপানৰ বিজ্ঞানীসকলে সাগৰীয় পানীত নষ্ট হৈ যোৱা এটা পৰিৱেশ-অনুকূল প্লাষ্টিক উদ্ভাৱন কৰি উলিয়াইছে৷ এই বস্তুবিধে পৰম্পৰাগত প্লাষ্টিকৰ দৰেই শক্তিশালী, কিন্তু পানীত মাত্ৰ ১০ ঘণ্টাৰ ভিতৰত নিষ্ক্ৰিয় হৈ পৰিব৷ মাটিত এনেবিধ প্লাষ্টিক পুতিলে ১০ দিনৰ ভিতৰত নোহোৱা হৈ যায় আৰু মাটিত ফচফৰাছ আৰু নাইট্ৰজেন এৰি থৈ যায়৷ বিজ্ঞানীসকলে এই কথা প্ৰকাশ কৰিছে৷ জাপানৰ চাইটামাস্থিত ৰিকেন চেণ্টাৰ ফৰ ইমাৰ্জেণ্ট মেটাৰ ছায়েন্সৰ শীৰ্ষ গৱেষক টাকুজো আইডায়াই কয় যে তেওঁলোকে প্লাষ্টিকৰ এটা নতুন পৰিয়াল উদ্ভাৱন কৰি উলিয়াইছে, যি শক্তিশালী, সুস্থিৰ আৰু পুনৰ ব্যৱহাৰযোগ্য আৰু বহু কামত ব্যৱহাৰ কৰিব পৰাৰ লগতে ক্ষতিকাৰক মাইক্ৰ’প্লাষ্টিক সৃষ্টি নকৰে৷ এই নতুন বস্তুবিধৰ উদ্ভাৱনে বৰ্তমান প্ৰচলিত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ঠাই ল’ব বুলি আশা কৰা হৈছে৷ ২০৫০ চনৰ ভিতৰত প্লাষ্টিকৰ উৎপাদন দুগুণ হোৱাৰ সম্ভাৱনাৰ লগতে এই সামগ্ৰীৰ উদ্ভাৱনে আশাৰ বতৰা কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here