কোটি কোটি মাইক্ৰ’প্লাষ্টিক আৰু নেন’প্লাষ্টিকৰ কণাৰে আৱৰি তথা ভৰ্তি হৈ থাকে বাণিজ্যিকভাৱে প্ৰস্তুত কৰা টী বেগত, যিবোৰ সেৱন কৰাৰ ফলত আমাৰ শৰীৰত প্ৰৱেশ কৰি জটিলতাৰ সৃষ্টি কৰিব পাৰে৷ এই দাবী কৰিছে গৱেষকে৷ অট’নমাছ ইউনিভাৰছিটি অব বাৰ্ছিলোনাৰ গৱেষকে উদঘাটন কৰিছে যে চাহ সেৱন কৰাৰ সময়ত ব্যৱহাৰ কৰা প্লাষ্টিকৰ বিভিন্ন টী বেগত প্ৰচুৰ পৰিমাণে মাইক্ৰ’ আৰু নেন’প্লাষ্টিক বা এম এন পি এলে আৱৰি থাকে৷ স্বাস্থ্য ৰক্ষা তথা সুৰক্ষিত স্বাস্থ্যৰ বাবে গৱেষণাত উক্ত বিষয়টো দাঙি ধৰা হৈছে৷ উক্ত গৱেষণাটো প্ৰকাশ পাইছে বিজ্ঞান ভিত্তিক জাৰ্নাল কেমোস্ফিয়াৰত৷ উক্ত গৱেষণাটো কেৱল দূষণৰ পৰিমাণেই দেখা হোৱা নাই, বৰং প্ৰথমবাৰৰ বাবে জনা গৈছে যে এইবোৰ ক্ষুদ্ৰ আকাৰৰ প্লাষ্টিকৰ বিভিন্ন কণাই মানুহৰ অন্ত্ৰৰ কোষৰ জৰিয়তে শোষিত হ’ব পাৰে৷ আনকি ৰক্ত প্ৰবাহৰ মাধ্যমেৰে শৰীৰৰ বিভিন্ন অংগলৈ বিস্তাৰিত হ’ব পাৰে৷ উক্ত গৱেষণাটোত নাইলন-৬, পলিপ্ৰোপিলিন আৰু ছেলুলোজৰ দ্বাৰা তৈয়াৰী টী বেগক লৈ বিশ্লেষণ কৰিছে গৱেষকৰ দলে৷ চাহ প্ৰস্তুতৰ সময়ত কোটি কোটি প্লাষ্টিকৰ কণা বাহিৰ কৰিছে টী বেগত থকা এইবোৰ উপাদান৷ কিন্তু ইয়াত কাগজৰ দ্বাৰা তৈয়াৰী টী বেগ ব্যৱহাৰ কৰা হোৱা নাই, যিটো টী বেগৰ সকলোতকৈ প্ৰচলিত উপাদান৷ গৱেষণাটোত দেখা গৈছে যে শ্লেষ্মা প্ৰস্তুতকাৰী অন্ত্ৰৰ বিভিন্ন কোষ এইবোৰ প্লাষ্টিক কণাক শোষণ কৰাৰ বাবে বিশেষভাৱে আগ্ৰহী আছিল৷ আনকি কিছু কণা কোষৰ নিউক্লিয়াছ পৰ্যন্ত প্ৰৱেশ কৰে৷ মূলতঃ দেহৰ জেনেটিক উপাদান সংৰক্ষিত থাকে নিউক্লিয়াছত৷ সেয়ে এই গৱেষণাটোৰ পাছত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ কাৰণ ইয়াৰ পৰাই ইংগিত পোৱা গৈছে যে অন্ত্ৰৰ শ্লেষ্মাৰ স্তৰ মূলতঃ অন্ত্ৰৰ সুৰক্ষাৰ কাৰণে তৈয়াৰ হয়৷ কিন্তু টী বেগৰ এই প্লাষ্টিকৰ কণাৰ কাৰণে পেটৰ এই স্তৰৰ সাংঘাতিক ক্ষতি হ’ব পাৰে৷