শীতকাল আহিলেই যেন ছালৰ সমস্যা বাঢ়ি যায়৷ ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে এই শীতকালত৷ বছৰৰ এই সময়ছোৱাত বহুতৰে ছাল ৰুক্ষ তথা শুষ্ক হৈ পৰে৷ যাৰ ফলত ছালৰ আৰ্দ্ৰতা নোহোৱা হয়৷ আনহাতে বহুত ক্ষেত্ৰত আকৌ ছালখন টান টান হৈ পৰে আৰু ছাল ফাটি যায়৷ এইদৰে ছাল ফটাৰ ফলত তেজপৰ্যন্তও ওলায়৷ এইধৰণৰ ছালৰ গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ছালখনত বডী লোশ্যন বা বডী অইল দুয়োটাৰ যিকোনো এটা ব্যৱহাৰ কৰাটো অতিকে জৰুৰী৷ ছালখনৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ হ’লে দুয়োটাৰ উপকাৰিতা আছে৷ অৱশ্যে ছালৰ বাবে দুয়োটা উপকাৰী হ’লেও ইয়াৰ কাৰ্যকাৰিতাৰ ক্ষেত্ৰত কিছু পাৰ্থক্য আছে৷ বডী লোশ্যনত তেল আৰু তেলৰ দ্ৰৱণীয় বিভিন্ন উপাদান মিহলোৱা থাকে, যি ঘন আৰু ক্ৰিমধৰ্মী হিচাপে কাম কৰে৷ যিসকলে তেল ব্যৱহাৰ কৰাৰ পাছত হোৱা তেলেতীয়া ভাব বেয়া পায় বা পচন্দ নকৰে, তেওঁলোকৰ কাৰণে বডী লোশ্যন ভাল৷ তেল আৰু পানীৰ সংমিশ্ৰণ প্ৰস্তুত হোৱা বাবে বডী লোশ্যন সহজে ছালত মিহলি হৈ যায়৷ আনহাতে বডী অইলে ছালখনত বহু সময় ধৰি সুৰক্ষিত কৰি ৰাখে৷ বডী লোশ্যনৰ তুলনাত বডী অইল লগালে ছালখন বেছি মাত্ৰাত নৰম আৰু উজ্জ্বল হয়৷ বডী অইলেৰে ছালত মাছাজ কৰিলে ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি হয়৷ খুব সহজে ছালখন শুকাই যায় বা শুষ্ক হৈ যায়, তেনে ছালৰ ক্ষেত্ৰত বডী অইল ব্যৱহাৰ কৰাই শ্ৰেয়৷ সেয়ে বিশেষজ্ঞই শীতকালত ছালৰ বাবে অলিভ অইল ব্যৱহাৰৰ পৰামৰ্শ দিয়ে৷ অৱশ্যে ব্ৰন আৰু সংবেদনশীল ছালৰ ক্ষেত্ৰত অইল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞই৷ বিশেষকৈ নাৰিকল তেল ব্যৱহাৰৰ ক্ষেত্ৰত দূৰত থাকিবলৈ কয়, কিয়নো এই তেলত এনে উপাদান থাকে, যিয়ে ব্ৰন সৃষ্টিত ভূমিকা লয়৷ উল্লেখ্য যে বডী লোশ্যন অথবা বডী অইল ব্যৱহাৰৰ ক্ষেত্ৰত সকলোতকৈ ভাল সময় হৈছে আবেলিৰ সময়ত৷ অৱশ্যে নিশাৰ ভাগতো লগাব পাৰে৷ ছালখন তিতা বা ভিজা অৱস্থাত তেল বা লোশ্যন লগালে ভালকৈ শোষিত হয়৷