কোনবিধ ভিটামিনৰ অভাৱত গাৰ ৰং ক’লা হয় জানেনে ?

0
3

সুন্দৰ জীৱনৰ সমান্তৰালভাৱে প্ৰতিগৰাকী মানুহে এখন সুন্দৰ মুখ তথা সুন্দৰ চেহেৰাৰ অধিকাৰী হ’বলৈ ইচ্ছা কৰে৷ আইনাত নিজৰ দেহ বা শৰীৰৰ বৰণটো চাই বহু সময়ত অশান্তবোধ কৰে৷ নিজৰ শৰীৰৰ বৰণ যদি ক’লা হয় তেন্তে নিজকো দোষাৰোপ কৰে গাৰ বৰণৰ বাবে৷ কিন্তু কিয় গাৰ ৰং এনে হয় সেয়া বিচাৰ কৰাৰ কাৰণ বিচাৰি নাচায়৷ ইয়াৰ আচল কাৰণনো কি সেই কথাৰ জনাৰো চেষ্টা নকৰে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে আমাৰ শৰীৰত বিশেষ কিছুমান ভিটামিনৰ অভাৱৰ ফলতে শৰীৰৰ বৰণৰ পৰিৱৰ্তন হয়৷ অৰ্থাৎ শৰীৰত ভিটামিনৰ অভাৱ হ’লে ছাল বা মুখৰ ছালৰ ওপৰত পৰে৷ বিভিন্ন ক্ষেত্ৰত শৰীৰত ভিটামিনৰ ভাৰসাম্য নষ্ট হ’লে আমাৰ জীৱন তথা স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰে৷ শৰীৰক সুস্থ ৰাখিবলৈ হ’লে পৰিপূৰ্ণ পুষ্টিৰ প্ৰয়োজন৷ এই পুষ্টিৰ মাজতে ভিটামিনৰো নিজস্ব গুৰুত্ব আছে৷ শৰীৰত ভিটামিনৰ অভাৱ হ’লে বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ আমি কেতিয়াবা লক্ষ্য কৰিলে দেখা যায় যে হঠাৎ যেন দেহৰ ক’লা দাগ পৰিবলৈ লৈছে৷ ছালখন জুয়ে পোৱাৰ দৰে ক’লা বৰণ ধৰিছে৷ মুখত ক’লা ক’লা দাগ পৰিছে৷ এই দাগ ক্ৰমে বাঢ়ি গৈ গোটেই মুখমণ্ডলো আৱৰি ধৰি একেবাৰে ক’লা বৰণ হৈছে৷ এনে ধৰণৰ উপসৰ্গ দেখিলে কিছু সতৰ্ক তথা সাৱধান হোৱা উচিত৷ এইবোৰ উপসৰ্গ একমাত্ৰ শৰীৰত ভিটামিন-চিৰ অভাৱৰ কাৰণে মুখৰ ৰং ক’লা হ’বলৈ আৰম্ভ কৰে৷ উল্লেখ্য যে ছালখনৰ উজ্জ্বলতা আৰু সুস্বাস্থ্যৰ বাবে ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-ডি তথা ভিটামিন-বি কমপ্লেক্স অত্যন্ত গুৰুত্বপূৰ্ণ৷ যদি শৰীৰত এইবোৰ উপাদানৰ অভাৱ হয়, তেনেহ’লে ছালখন ক’লা ৰং হয় অৰ্থাৎ ছালত ক’লা দাগ পৰিবলৈ আৰম্ভ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here