হৃদৰোগ, কেঞ্চাৰৰ সম্ভাৱনা বঢ়োৱা এই তেল বিষৰ সমান

0
15

গৱেষণাত দেখা গৈছে যে নিয়মিতভাৱে ৰিফাইন তেল ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ বিপৰীতে সৰিয়হৰ তেল আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী৷ ইয়াৰ উপৰি সুস্বাস্থ্যৰ কাৰণে আমাৰ খাদ্য তালিকাত বাদাম অইল, তিল তেল, সূৰ্যমুখী তথা নাৰিকল তেল অন্তৰ্ভুক্ত কৰিব পাৰি৷ আমাৰ দৈনন্দিন জীৱনত ৰিফাইন তেলৰ ব্যৱহাৰ খুব এটা সাধাৰণ কিম্বা এৰাব নোৱৰা অভ্যাস হৈ পৰিছে৷ কিন্তু আপুনি জানেনে এই ৰিফাইন তেল খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে৷ ৰিফাইন তেলত উচ্চ পৰিমাণে ট্ৰান্স ফেট থাকে৷ আৰু এই ট্ৰান্স ফেট হৃদৰোগ, স্থূলতা, ডায়েবেটিছ আনকি কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ কাৰণ হ’ব পাৰে৷ পুষ্টি বিশেষজ্ঞই কোৱা মতে বিভিন্ন প্ৰকাৰৰ তেল ৰাসায়নিকভাৱে প্ৰক্ৰিয়াজাত কৰি পৰিশোধিত তেল প্ৰস্তুত কৰা হয়৷ সেয়ে এইদৰে প্ৰস্তুত কৰা ৰিফাইন তেল বিভিন্ন ৰোগৰ কাৰণ হ’ব পাৰে৷ ৰিফাইন তেল খোৱাৰ ফলত ওজন বৃদ্ধি, ডায়েবেটিছ, এথেৰোস্কে্‌লৰোছিছ, গেষ্ট্ৰো ইনটেষ্টিনাল আদি গুৰুতৰ সমস্যাৰ কাৰণ হ’ব পাৰে৷ এই তেলে প্ৰজনন ক্ষমতা তথা ৰোগ প্ৰতিৰোধ ক্ষমতাকো প্ৰভাৱিত কৰে৷ দৰাচলতে পৰিশোধিত তেল প্ৰস্তুত প্ৰক্ৰিয়াৰ সময়ত নিকেল বাহিৰ হৈ যায় বাবে আমাৰ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পৰে৷ যাৰ কাৰণে লিভাৰ, ছাল বা শ্বাসতন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here