পূৰ্বৰ অনুমানতকৈও চন্দ্ৰ প্ৰায় ১০০ নিযুত বছৰ পুৰণি

0
13

নেচাৰ আলোচনীত শেহতীয়াকৈ প্ৰকাশিত এটা গৱেষণাত কোৱা হৈছে যে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ পূৰ্বে অনুমান কৰাতকৈ প্ৰায় ১০০ নিযুত বছৰ পুুৰণি৷ দশক দশক ধৰি বিজ্ঞানীসকলে বিশ্বাস কৰি আহিছিল যে পৃথিৱীৰ সৈতে এটা মঙল সদৃশ বস্তুৰ সংঘৰ্ষৰ ফলত প্ৰায় ৪.৩৫ বিলিয়ন বছৰৰ আগতে চন্দ্ৰৰ সৃষ্টি হৈছিল৷ আনহাতে নতুন গৱেষণাটোৱে তাৰো আগতেই চন্দ্ৰৰ সৃষ্টি হৈছিল বুলি দাবী কৰে৷ গৱেষণাীটোৰ মতে প্ৰায় ৪.৫১ বিলিয়ন বছৰৰ আগতে চন্দ্ৰৰ সৃষ্টি হৈছিল আৰু তাৰ পাছত তাৎপৰ্যপূৰ্ণ পুনৰ গলন প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ এই প্ৰক্ৰিয়া এইবাবেই চলিছিল কিয়নো পৃথিৱীৰ মাধ্যাকৰ্ষণৰ প্ৰভাৱত চন্দ্ৰ পৃথিৱীৰ কাষৰ পৰা আঁতৰি গৈছিল আৰু তাৰ পাছত অত্যধিক গৰমৰ সৃষ্টি হোৱাত ইয়াৰ পৃষ্ঠভূমিতো ইয়াৰ প্ৰভাৱ পৰিছিল৷ বিজ্ঞানীয়ে জানিবলৈ দিয়ে যে চন্দ্ৰৰ শিলসমূহে চন্দ্ৰৰ গঠনৰ বয়স অৱগত নকৰে, কিন্তু গৰমৰ প্ৰক্ৰিয়াৰ বিষয়ে আভাস দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here