বৰ্তমান সময়ত ছালখনৰ সুৰক্ষা তথা যতনৰ ক্ষেত্ৰত সকলোৱে সচেতন৷ ছালখনৰ সৌন্দৰ্য বৃদ্ধি তথা সুস্বাস্থ্যৰ বাবে বিভিন্নজনে ভিন্ন উপায় অৱলম্বন কৰে৷ সেয়ে ছালৰ যত্নত ছিৰামৰ ব্যৱহাৰ আৱশ্যকীয়৷ ছিৰাম অবিহনে ছালখনৰ সঠিক যত্নৰ কথা কল্পনাও কৰিব নোৱাৰি৷ অৱশ্যে ছালৰ ধৰণ অনুযায়ী ছিৰাম ব্যৱহাৰৰ ক্ষেত্ৰত ভিন্নতা আছে৷ এই ক্ষেত্ৰত বহুতেই নাজানে ছালখনত ছিৰাম কিদৰে ব্যৱহাৰ কৰিব লাগে৷ ছালত সঠিকভাৱে ছিৰাম ব্যৱহাৰ কৰিব নাজানিলে হিতে বিপৰীতহে হয়৷ ইয়াৰ পূৰ্বে আপুনি জনাটো ভাল যে ছালখনত ছিৰাম কিদৰে ব্যৱহাৰ কৰিব৷
ছিৰাম লগাব বিচাৰিলে প্ৰথমে পৰিষ্কাৰকৈ মুখখন ধুই ল’ব৷ ইয়াৰ পাছতেই মুখত ছিৰাম লগাব৷ ৰাতিৰ বেলিকা ছিৰাম লগালে, লগোৱাৰ আগেয়ে অন্ততঃ দুবাৰমান মুখখন ক্লিন কৰি ল’ব৷ দিনৰ বেলিকা মুখ ভালদৰে ধুই, মচি লৈ তাৰ পাছতে ছিৰাম লগাব৷ কোনো ক্ষেত্ৰতে অপৰিষ্কাৰ ছালত ছিৰাম ব্যৱহাৰ নকৰিব৷
সাধাৰণতে মুখ ধুই ভালদৰে মচি দিয়াৰ পাছত মুখখন ভিজা ভিজা এটা ভাব থাকে৷ সেই অৱস্থাতে মুখত ছিৰাম লগাওক৷ কিয়নো মুখখন একেবাৰে শুকাই গ’লে মুখত ভালদৰে ছিৰাম নালাগে৷ ভিজা ছালত ছিৰাম লগালে তাৰ কাৰ্যকাৰিতা দহগুণ বাঢ়ি যায়৷ অৱশ্যে এই ক্ষেত্ৰত যদি আপোনাৰ ছিৰাম ৰেটিনল, কেমিকেল এক্সফ্লোয়েশ্যন অথবা ভিটামিন-চি সমৃদ্ধ হয়, তেনে ক্ষেত্ৰত কেতিয়াও ভিজা ছালত ছিৰাম নগলাব৷
আপুনি যদি ছিৰাম দিনৰ ভাগত ব্যৱহাৰ কৰিছে, তেন্তে ৩-৪ মিনিটৰ ভিতৰত ছানস্ক্ৰিন লগাওক৷ আনহাতে ৰাতিৰ বেলিকা ছিৰাম লগালে উন্নতমানৰ মইশ্বৰাইজাৰ ব্যৱহাৰ কৰিব৷ এইবোৰ নাথাকিলে ভেছলিন লগাবও পাৰে৷
প্ৰতিটো ছিৰামৰ ক্ষেত্ৰতে এটা নিৰ্দিষ্ট সময়লৈকে ম্যাদ থাকে৷ আপুনি ছিৰামৰ মুখ খোৱাৰ পাছত সেইটো কিমানদিন ব্যৱহাৰ কৰিব পাৰিব সেই কথাও জনা ভাল৷ প্ৰতিটো ছিৰাম প্ৰস্তুত কৰা হয় নিৰ্দিষ্ট এক্টিভ উপকৰণৰ দ্বাৰা৷ ছিৰামৰ উপকাৰিতা পাবলৈ হ’লে নিৰ্ধাৰিত সময়তহে ব্যৱহাৰ কৰা উচিত৷
আনহাতে বহুতেই ছিৰামৰ কাৰ্যকাৰিতা ঠিকে ৰাখিবলৈ ফ্ৰিজ আদিতো সংৰক্ষণ কৰে৷ এইটো একেবাৰে ভুল ব্যৱস্থা৷ ইয়াৰ ফলত ছিৰামৰ কাৰ্যকাৰিতাহে বিনষ্ট হয়৷ কিছুমান ছিৰামৰ ক্ষেত্ৰত কথাটো অৱশ্যে সুকীয়া, কিয়নো এইবোৰৰ গাতে লিখা থাকে ফ্ৰিজত ৰখাৰ নিৰ্দেশনা৷ সাধাৰণতে একেবাৰে স্বাভাৱিক তাপমাত্ৰাতহে ছিৰাম বেছি ভালে থাকে৷ এইদৰে ৰখাটোহে উত্তম উপায়৷ অতি গৰম বা অত্যধিক ঠাণ্ডাত ছিৰামৰ গুণাগুণ নোহোৱা হয়৷