শীতকালত ছালৰ আৰ্দ্ৰতা ধৰি ৰখাটো এটা প্ৰত্যাহবান হিচাপে দেখা দিয়ে৷ গতিকে শীতৰ দিনকেইটা ছালখনৰ যতন তথা সুস্থতাৰ বাবে আমি অলপ কষ্ট কৰি বিভিন্ন উপায় অৱলম্বন কৰোঁ৷ ছালখনত ক্ৰিম ঘঁহিলে ছালখন মইশ্বৰাইজড থাকে৷ কিন্তু গা ধোৱাৰ ফলত সমস্ত আৰ্দ্ৰতা নোহোৱা হয় আনহাতে গা ধুলে চাবোন ব্যৱহাৰ কৰাৰ ফলত ছালখন আৰু অধিক শুষ্ক তথা ৰুক্ষ হৈ যায়৷ আপুনি ব্যৱহাৰ কৰা চাবোনত যদি ক্ষাৰ থাকে, তেনেহ’লে ছালৰ আৰু ক্ষতি হয়৷ এই সকলো সমস্যাৰ সমাধান পাবলৈ অলিভ অইলৰ দ্বাৰা প্ৰস্তুত বডীৱাশ্ব ঘৰতে তৈয়াৰ কৰিব পাৰে৷ উল্লেখ্য যে বজাৰত বিভিন্ন কোম্পানীৰ বডীৱাশ্ব পোৱা যায়৷ ইয়াৰ ভিতৰত কিছুমান বডীৱাশ্ব অলিভ অইলৰ পোৱা যায় যদিও সেইবোৰ ছালখনৰ কাৰণে কিমান সুৰক্ষিত সেইটোৱে এটা প্ৰশ্নবোধক হিচাপে ৰৈ যায়৷ এইধৰণৰ বজাৰত কিনা বডীৱাশ্ব ছালখনৰ ক্ষতি কৰাৰো সম্ভাৱনা থাকে৷ সেয়ে ঘৰতে অলিভ অইলেৰে তৈয়াৰী বডীৱাশ্ব ব্যৱহাৰ কৰি ছালখনৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে৷ অলিভ অইলে ছালখনৰ আৰ্দ্ৰতা ধৰি ৰাখে৷ নিয়মিতভাৱে অলিভ অইল ব্যৱহাৰ কৰিলে ছালত বাৰ্ধক্যৰ লক্ষণ সহজে নপৰে৷ অলিভ অইলৰ বডীৱাশ্ব তৈয়াৰ কৰিবলৈ একাপ লিকুইড কেচটাইল চাবোন, পাঁচ চামুচ অলিভ অইল, তিনি চামুচ মৌ তথা ১০-১২ ফোটা লেভেণ্ডাৰ এচেনচিয়াল অইল লওক৷ এটা কাচৰ পাত্ৰত প্ৰথমে লিকুইড কেচটাইল চাবোনৰ সৈতে অলিভ অইল আৰু মৌখিনি মিহলাই লওক৷ তাৰ পাছত এচেনচিয়াল অইলখিনি তাত মিহলাই দিয়ক৷ আপোনাৰ ঘৰুৱাভাৱে বডীৱাশ্ব প্ৰস্তুত হৈ গ’ল৷ এই মিশ্ৰণটো বটলত ভালদৰে ভৰাই বাথৰূমত ৰাখক আৰু গা ধোৱাৰ সময়ত এই মিশ্ৰণটোৰে গা ধুলে ছালখন সুৰক্ষিত হৈ থাকিব৷