ইউক্ৰেইনৰ ৰাজধানী কিভৰ পৰা চেৰনোবিলৰ পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰৰ দূৰত্ব খব বেছি নহয়৷ সম্প্ৰতি চেৰনোবিল এক্সক্লুশন জ’নত বাস কৰা পথ কুকুৰবোৰৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিল বিজ্ঞানীয়ে৷ আৰু কুকুৰৰ সেই তেজ পৰীক্ষা কৰাৰ পাছত বিজ্ঞানীয়ে চাঞ্চল্যকৰ তথা লাভ কৰিছে৷ পৰীক্ষাৰ অন্তত বিজ্ঞানীয়ে জানিবলৈ দিয়ে যে এক্সক্লুশ্যন জ’নত থকা কুকুৰৰ এনে দুটা প্ৰজাতি দেখা পোৱা গৈছে, যাৰ জিনৰ গঠন অন্য কুকুৰৰ লগত নিমিলে, সম্পূৰ্ণ পৃথক৷ সেই কুকুৰবোৰক বিজ্ঞানীয়ে ছুপাৰ ডগ বুলি আখ্যা দিছে৷ বিজ্ঞানীৰ ধাৰণা– চেৰনোবিলৰ বিষাক্ত পৰিৱেশত কাৰণে এইধৰণৰ বিসংগতি হৈছে৷ দীৰ্ঘদিন ধৰি তেজস্ক্ৰিয়তাৰ মাজত বসবাস কৰাৰ কাৰণে এই কুকুৰবোৰৰ জিনৰ গঠনো সলনি হৈছে৷ আন কথাত ছুপাৰ ডগত পৰিণত হৈছে এই প্ৰজাতিৰ কুকুৰবোৰ৷ আনহাতে এই কুকুৰৰ ওপৰত পৰীক্ষা কৰি দেখা পাইছে যে সিহঁতৰ শৰীৰ তেজস্ক্ৰিয় বিকিৰণ ৰোধ কৰিবলৈ সক্ষম৷ ইয়াৰ লগতে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও স্বাভাৱিক পৰিমাণতকৈ বহু বেছি৷ চেৰনোবিল এক্সক্লুশন জ’নত বাস কৰা কুকুৰবোৰে দীৰ্ঘদিন বিষাক্ত পৰিৱেশত জীয়াই আছে৷ এই অঞ্চলত তেজস্ক্ৰিয় বিকিৰণৰ মাত্ৰা সহ্য কৰাৰ ক্ষমতা মানুহৰ তুলনাত সিহঁতৰ ছয় গুণ বেছি৷ তৎসত্ত্বেও প্ৰায় ৯০০ পথ কুকুৰ সেই বিষাক্ত পৰিৱেশত বাস কৰি আছে৷ ইয়াৰ মাজতে সিহতৰ মাজত বশেবৃদ্ধিও হৈছে৷