কণীৰ লগত এইসমূহ কেতিয়াও নাখাব

0
28

কণী, গাখীৰ এইধৰণৰ খাদ্যসমূহক সম্পূৰ্ণ আহাৰ হিচাপে বিবেচনা কৰা হয়৷ কিয়নো কেতিয়াবা আপোনাৰ ভোজন বাদ পৰিলে এটা কণী খালেও ই আপোনাক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰিব পাৰে৷ পিছে কিছুমান খাদ্য কণীৰ লগত খোৱাটো উচিত নহয়৷ কিছুমান খাদ্যৰ কম্বিনেশ্যনে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ যেনে–
অমলেটৰ লগত চাহ বা কফি খোৱাটো উচিত নহয়৷ এই কম্বিনেশ্যনে হজমৰ সমস্যাৰ লগতে কোষ্ঠকাঠিন্য সমস্যাৰো সৃষ্টি কৰিব পাৰে৷
বহুতেই কণীৰ লগত ফল-মূল খোৱাটো পচন্দ কৰে৷ কিন্তু কণীৰ লগত তৰমুজ একেলগে খালে পেটৰ সমস্যা হ’ব পাৰে৷
কণী আৰু চেনি একেলগে খালে শৰীৰত এমিন’ এচিড তৈয়াৰ হয়৷ যিয়ে শৰীৰত টক্সিন উৎপন্ন হোৱাৰ লগতে শৰীৰত তেজ গোট মৰা প্ৰক্ৰিয়া মন্থৰ কৰে৷
চেনিৰ দৰে ঠাণ্ডা পানীয়ৰ লগতো কণী খোৱাটো উচিত নহয়৷ কিয়নো এনেধৰণৰ পানীয়ত প্ৰচুৰ পৰিমাণে চেনি দ্ৰৱীভূত হৈ থাকে৷
কণীৰ লগত ছয়ামিল্কৰ সেৱনে শৰীৰত প্ৰ’টিনৰ শোষণত বাধা প্ৰদান কৰে৷
একেদৰে মাছ-মাংস আদিৰ লগতো কণী খোৱা উচিত নহয়৷ এনেদৰে খোৱাৰ ফলত ডায়েৰিয়াৰ লগতে ছালৰ এলাৰ্জিৰ সমস্যাও দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here