গৱেষণা : পৰিমিত কফি পানে হৃদৰোগৰ সম্ভাৱনা কমায়

0
34

শীতকালত প্ৰচণ্ড শীতৰ পৰা পৰিত্ৰাণ পাবলৈ গৰম গৰম কফি একাপত চুমুক দিয়াৰ অভ্যাস বহুতৰে আছে৷ বিশেষকৈ শীতৰ দিনকেইটাত বিছনাৰ পৰা উঠিয়েই একাপ গৰম কফি খোৱাৰ পাছতহে দেহলৈ সজীৱতা তথা সতেজতা আহে আৰু তেতিয়াহে আমাৰ কাম কৰাৰ প্ৰতি আগ্ৰহ জন্মে৷ বহুতৰে আকৌ দিনটোত কেইবাকাপো কফি খোৱাৰ অভ্যাসে গঢ় লয়৷ তেনে লোকে সময়ত কফি সেৱন কৰিব নোৱাৰিলে পাগলৰ লেখীয়া হয়৷ অৱশ্যে কফিৰ বহুতো উপকাৰিতাও আছে৷ কফিৰ গুণাগুণক লৈ এটা নতুন গৱেষণা শেহতীয়াভাৱে প্ৰকাশ পাইছে, য’ত কোৱা হৈছে যে কফি এবিধ আয়ুবৰ্ধক পানীয়৷ ইউনিভাৰছিটি অব কলম্বিয়া তথা ইউনিভাৰছিটি অব পৰ্তুগালৰ এটা গৱেষণাত কফিক লৈ এই নতুন তথ্য প্ৰকাশ পাইছে৷ এই গৱেষণাত কোৱা হৈছে যে কফিৰ গুণাগুণসমূহৰ ভিতৰত উল্লেখযোগ্য এটা হ’ল কফিৰ আয়ুবৰ্ধক শক্তি তথা মানুহক সুস্থ ৰখাৰ ক্ষমতা৷ আমেৰিকা , ইউৰোপ, অষ্ট্ৰেলিয়া, এছিয়াৰ দৰে দেশৰ পৰা উক্ত গৱেষণাৰ পৰীক্ষাত অংশগ্ৰহণ কৰা ৮৫ গৰাকী লোকৰ ওপৰত পৰীক্ষাৰ চলাই গৱেষকে এই দাবী কৰিছে৷ গৱেষকে জনোৱা অনুসৰি দৈনিক তিনি কাপ কফি সেৱন কৰিলে অতিৰিক্ত ৰ.৮৪ বছৰ আয়ুসকাল বৃদ্ধি হয়৷ ইয়াৰ উপৰি নিয়মিতভাৱে কফি সেৱন কৰাৰ ফলত গুৰুতৰ তথা জটিল ৰোগৰ সম্ভাৱনা কমি থাকে৷ উক্ত গৱেষণাটোৰ নেতৃত্ব দিছিল নিউৰোছায়েণ্টিষ্ট ৰডৰিগো কুনহাই৷ কুনহাই জানিবলৈ দিয়ে যে বয়স বঢ়াৰ লগে লগে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহে আৰু ইয়াৰ প্ৰভাৱ মানুহজনৰ সকলো ক্ষেত্ৰতে পৰে৷ কিন্তু পৰিমাণ অনুযায়ী কফি সেৱন কৰিলে এনে সমস্যা সহজে শৰীৰলৈ নাহে৷ গৱেষকে জনোৱা মতে পৃথিৱীজুৰি জনসংখ্যা প্ৰায়েই বাৰ্ধক্যৰ ফালে আগুৱাইছে৷ এনে পৰিস্থিতিত নিয়মিত তালিকাত কফি ৰখাটো প্ৰয়োজন৷ কফিয়ে কেৱল আয়ুসেই বৃদ্ধি নকৰে, বৰঞ্চ শৰীৰৰ সুস্থতাৰ বাবেও কফি প্ৰয়োজনীয় উপাদান৷ অৱশ্যে এই কফি সেৱন অত্যধিক পৰিমাণে যাতে নকৰে, তালৈ নজৰ দিব লাগে৷ গৱেষণাৰ পৰা জনা গৈছে যে পৰিমিত কফি সেৱনে আপোনাৰ হৃদৰোগ সম্ভাৱনা যথেষ্ট কমাই ৰাখে৷ ইয়াৰ উপৰি কাৰ্ডিঅ’ভাস্কুলাৰৰ সমস্যা, ষ্ট্ৰ’ক, ডায়েবেটিছ, ডেমেনছিয়া, মানসিক অৱসাদ, ক্লান্তি দূৰ কৰা আনকি কেঞ্চাৰৰ সম্ভাৱনাও কমাই ৰাখিব পাৰে একাপ কফি সেৱনে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here