হাঁপানিৰ সমস্যাৰ পৰা মুুক্তি পাবলৈ উষ্ট্ৰাসন কৰক

0
30

শৰীৰ সুস্থ তথা সক্ষম কৰি ৰাখিবলৈ খাদ্যবস্তু লগতে নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰা ভাল৷ শৰীৰৰ সুস্থতাইহে আপোনাক কাম কৰাৰ প্ৰতি আগ্ৰহ জন্মায়৷ অসুস্থ শৰীৰ তথা অসুস্থ মনেৰে আপুনি কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে৷ মন তথা শৰীৰৰ স্বাস্থ্য উন্নত আৰু ৰোগ ব্যাধিক পৰাভূত কৰিবলৈ এটা সুস্থ শৰীৰ একান্তই কাম্য আৰু ইয়াৰ বাবে লাগিব যোগাসনৰ অভ্যাস৷ যোগাসনে শৰীৰৰ বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়াৰ লগতে মনক শান্ত, প্ৰফুল্লিত তথা সুস্থ কৰি ৰাখে৷ আপোনাৰ হাঁপানিৰ সমস্যা আছে নেকি? ইয়াৰ পৰা মুক্তি পাবলৈ অথবা হাঁওফাঁওক সুস্থ-সবল কৰি ৰাখিব নিয়মিতভাৱে উষ্ট্ৰাসন আসন কৰিলে সুফল পাব পাৰে৷ উষ্ট্ৰাসন নামেৰেই এই আসন কৰাৰ ধৰণ৷ উষ্ট্ৰ মানে উট৷ অৰ্থাৎ উটৰ থিয় দৰে থকাৰ দৰে দেখি৷ এই আসন কৰিলে পিঠিৰ বিষ আৰু মেৰুদণ্ডৰ পেশীবোৰ প্ৰসাৰিত হয়৷ ইয়াৰ ফলত কঁকালৰ বিষ, পিঠিৰ যন্ত্ৰণা আদি নিৰাময় হয়৷ হাঁওফাঁওক সুস্থ কৰি ৰাখিবলৈ এই আসন অত্যন্ত উপকাৰী৷ আনহাতে তলপেটত জমা হোৱা চৰ্বি কমোৱা, হজমজনিত সমস্যাৰ পৰা মুক্তি পোৱা আদি এই আসন কৰিলে সুফল পোৱা যায়৷ মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ যন্ত্ৰণাৰ পৰা উপশম পাবলৈ এই আসন কৰিব পাৰে৷
কিদৰে কৰিব উষ্ট্ৰাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মেট বা মাটিৰ ওপৰত আঁঠু কাঢ়ি বহি লওক৷ ইয়াৰ পাছত মূৰটো লাহে লাহে পিছফাললৈ হাওলাই নিয়ক৷ মন কৰিব কঁকালৰ পৰা ওপৰৰ অংশখিনি যাতে পিছফালে হাউলি যায়৷ এই সময়ত শৰীৰৰ বেলেঞ্চ ৰাখিবলৈ হাত দুখনেৰে দুভৰিৰ গোৰোহাত ভালদৰে ধৰি ৰাখে৷ অৰ্থাৎ হাত দুখন সম্পূৰ্ণৰূপে মেলি দি গোৰোহাত ধৰি থাকিব৷ এই ভংগীত কিছু সময় থকাৰ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here