দৃষ্টিশক্তি বৃদ্ধিৰ বাবে এইকেইবিধ খাদ্য খাওক

0
34

বৰ্তমান প্ৰায় সকলোৱে ইলেকট্ৰনিকছ ডিভাইচ ব্যৱহাৰ কৰে৷ চকুৰ নজৰ ডিভাইচৰ স্ক্ৰিনত দীৰ্ঘসময় ধৰি থাকিলে দৃষ্টিশক্তি সংক্ৰান্তীয় সমস্যা ক্ৰমে বাঢ়িবলৈ ধৰে৷ বহুতেই চকুত চছমা ব্যৱহাৰ কৰি ইয়াৰ সমাধান পায়৷ আনহাতে চকুৰ দৃষ্টিশক্তি উন্নত কৰি ৰাখিবলৈ তথা চকুৰ স্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ জৰিয়তে সমাধান পাব পাৰি৷ নিয়মিতভাৱে খাদ্য তালিকাত এইসমূহ খাদ্য অন্তভুৰ্ক্ত কৰিলে চকুৰ দৃষ্টিৰ লগতে আন চকুৰ বিকাৰো সহজে সমাধান কৰিব পাৰে৷
গৱেষণাত দেখা গৈছে যে চকুৰ দৃষ্টিশক্তি বঢ়োৱাত কণী বেছ কাৰ্যকৰী৷ কণীত লুটেইন তথা জিয়াক্সাথিন থাকে, যিয়ে মেকুলাই প্ৰতিৰক্ষামূলক পিগমেণ্টৰ পৰিমাণ বঢ়োৱাত সহায় কৰে, যিয়ে চকুৰ কেন্দ্ৰীয় দৃষ্টি নিয়ন্ত্ৰণ কৰে৷
ডাৰ্ক চকলেটত ফ্লেভোনয়েড নামৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে চকুৰ ৰক্ত প্ৰবাহ বঢ়োৱাত সহায় কৰে৷ এই উপাদানে চকুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো বিশেষভাৱে সহায় কৰে৷
আমাৰ শৰীৰৰ কাৰণে গাজৰ স্বাস্থ্যকৰ খাদ্য৷ ইয়াৰ উপৰি গাজৰ চকুৰ স্বাস্থ্যৰ বাবেও সুপৰিচিত খাদ্যবোৰৰ ভিতৰত অন্যতম৷ ইয়াত উচ্চ মাত্ৰাত ভিটামিন-এ পোৱা যায়, যিয়ে চকুৰ দৃষ্টিশক্তি বঢ়োৱাৰ লগতে দৃষ্টিশক্তি অন্ধকাৰৰ সৈতে সামঞ্জস্য ৰখাত সহায় কৰে৷
কমলা-নেমুত যথেষ্ট পৰিমাণে ভিটামিন-চি থাকে, যিয়ে মেকুলাৰ ডিজেনাৰেশ্যন প্ৰতিৰোধ কৰে৷ মেকুলাৰ ডিজেনাৰেশ্যন হৈছে এবিধ চকুৰ ৰোগ৷ যাৰ ফলত চকুৰ দৃষ্টিশক্তি নষ্ট হয়৷
সেউজীয়া শাক-পাচলি, পালেং শাক আদিত প্ৰচুৰ পুষ্টি থাকে৷ যিবোৰ খাদ্যই চকুৰ স্বাস্থ্যৰ উন্নতি কৰাত সহায় কৰে৷
সাগৰীয় মাছ যেনে– টুনা, ছামন, ট্ৰাইটৰ দৰে মাছত ওমেগা থ্ৰি ফেটি এচিড পোৱা যায়, যি উপাদানে চকুৰ দৃষ্টিশক্তি উন্নত কৰাৰ লগতে চকুৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here