কেতিয়াবা ভাবিছেনে ? পৃথিৱীৰ গতি যদি স্তব্ধ হয় কি হ’ব ?

0
15

আপুনি বাৰু কেতিয়াবা এইদৰে ভাবিছেনে যে পৃথিৱী ঘূৰি থাকিলে কেতিয়াবা ইয়াৰ গতি বন্ধ হৈ যাব পাৰে৷ এইধৰণৰ চিন্তা বোধহয় প্ৰায়ভাগ লোকৰে মনলৈ আহে আৰু কথাটো ভাবিলে শিয়ৰি উঠে৷ পৃথিৱীৰ নিজস্ব ঘূৰাৰ গতিৰ বাবে পৃথিৱীত মেগনেটিক ফিল্ড প্ৰস্তুত কৰি লোৱাত বিশেষভাৱে সহায় কৰে৷ সেই ঘূৰ্ণনৰ গতি যদি কমি আহে বা মন্থৰ হয়, তেনেহ’লে মেগনেটিক ফিল্ড প্ৰস্তুত হোৱাৰ ব্যাঘাত জন্মা বা প্ৰস্তুত হৈ নুঠিব৷ যাৰ ফলত পৃথিৱীৰ বিভিন্ন দিশত সাংঘাতিক পৰিৱৰ্তন ঘটিব৷ পৃথিৱীৰ গতিৰ ফল আমি যিমান আপাতভাৱে বুজিব পাৰে, একেদৰে পৃথিৱীৰ গতি স্তব্ধ হৈ গ’লেও ইয়াৰ কি ফলাফল হ’ব, তথা কিমান বিপজ্জনক হ’ব সেই কথাও বুজাটো দৰকাৰ৷ প্ৰতিদিনে পৃথিৱীৰ গতিৰ লগত আমিও এটা অংশ৷ কত শত মাইল প্ৰতি ঘণ্টাৰ পৃথিৱী ঘূৰি আছে অথচ তেনে কিছু কথা আমি বুজিব নোৱাৰোঁ৷ নিজৰ গতিৰ লগতে সূৰ্যক কেন্দ্ৰ কৰিও স্বাভাৱিক প্ৰক্ৰিয়াৰে পৃথিৱীয়ে ঘূৰি আছে৷ নিউটনৰ প্ৰথম গতিসূ্‌ত্ৰৰ কথা এই ক্ষেত্ৰত প্ৰযোজ্য হয়৷ উল্লেখ্য যে পৃ্‌থিৱীয়ে প্ৰতিঘণ্টাত ১০৩৬ মাইল, অৰ্থাৎ ১৬৬৭ কিলোমিটাৰ বেগেৰে ঘূৰি আছে, য’ত শব্দৰ গতিতকৈও বেছি৷ কিন্তু পৃথিৱীয়ে যদি ঘূৰা কাৰ্যটো বন্ধ কৰি দিয়ে, তেন্তে কি হ’ব৷ ইয়াৰ অংশ হিচাপে প্ৰথমে দিন-ৰাতিৰ চক্ৰ নোহোৱা হ’ব৷ পৃথিৱীৰ কোনো এটা অংশত যদি ছমাহ দিন হয়, আনটো অংশত আৰু ছমাহ ৰাতি হ’ব৷ ইয়াৰ বাবে প্ৰতিটো অংশত ঋতু পৰিৱৰ্তন আগৰ দৰে হ’ব৷ আনহাতে যি অংশত ছমাহ দিন হ’ব, সেই অংশত তীব্ৰ গৰম হ’ব আৰু যি অঞ্চলত ছমাহ ৰাতি হ’ব তাত প্ৰচণ্ড শীত পৰিব৷ ইয়াৰ লগতে সমুদ্ৰৰ পানীৰ সৰবৰাহ ব্যাগত হ’ব৷ পৃথিৱীৰ গতিৰ পৰিৱৰ্তনৰ বাবে মেৰু অঞ্চলৰ পৰা বৰফ গলি আহি সাগৰৰ পৰিব৷ যাৰ বাবে তীব্ৰ বান, খহনীয়া তথা ছুনামীৰ সৃষ্টি হ’ব৷ এনে পৰিৱৰ্তনৰ ফলত এক অংশৰ মানুহে ছমাহ আধাতে কটাব লাগিব৷ এই ছমাহতে দৈনন্দিন কাৰ্য প্ৰণালী কৰিব লাগিব৷ ইয়াৰ লোকসকলৰ কাম-কাজৰ ধৰণৰ অস্বাভাৱিক পৰিৱৰ্তন হ’ব৷ প্ৰকৃতিৰ পৰিৱৰ্তন হ’ব, গছ-গছনিৰ প্ৰকৃতি ব্যাপকভাৱে পৰিৱৰ্তন ঘটিব৷ এইধৰণৰ পৰিৱৰ্তনৰ বাবে মানুহ জীৱাই থকাটোৱে কঠিন হৈ পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here