পৃথিৱীৰ নিম্নকক্ষ মহাকাশ আৱৰ্জনা আৰু কৃত্ৰিম উপগ্ৰহই ঢাকি পেলোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে৷ বিশেষজ্ঞসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে এতিয়াই যদি এই দিশত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ভৱিষ্যতে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব৷ উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ এখন বিশেষজ্ঞ পেনেলে সতৰ্কবাণী শুনাই কয় যে পৃথিৱীৰ নিম্নকক্ষ মহাকাশ আৱৰ্জনা আৰু কৃত্ৰিম উপগ্ৰহই কিছুদিনৰ ভিতৰতে ঢাকি পেলাব৷ ইয়াৰ ফলত সূৰ্যৰ পৰা অহা ৰশ্মিত বাধাৰ সৃষ্টি হ’ব৷ যাৰ বাবে পৃথিৱীলৈ সংকট নামি আহিব৷ আনহাতে ভৱিষ্যতে কোনো মহাকাশযান তথা ৰকেট ইয়াক ভেদ কৰি ওপৰলৈ যাব নোৱাৰিব৷ পৃথিৱীৰ পৰা ১০০-১০০০ উচ্চতাত এই সমস্যাৰ সৃষ্টি হ’ব৷ উল্লেখ্য যে পৃথিৱীৰ পৰা ১০০-১০০০ উচ্চতাত বৰ্তমান ১৪ হাজাৰতকৈও অধিক কৃত্ৰিম উপগ্ৰহ আছে৷ ইয়াৰ ভিতৰত ৩৫০০ টা কৃত্ৰিম উপগ্ৰহ বৰ্তমান বিকল হৈ পৰিছে৷ স্পেচ ট্ৰেফিক সমন্বয় বিষয়ক এই পেনেলখনে এইবুলি মত প্ৰকাশ কৰিছে যে বৰ্তমান বিভিন্ন দেশ তথা কোম্পানীয়ে মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণক লৈ চিন্তা-চৰ্চা কৰা উচিত আৰু উপগ্ৰহৰ উৎক্ষেপণ সীমিত কৰা উচিত৷ ইয়াৰ লগতে মহাকাশ পৰিষ্কৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা উচিত৷