হাৰ্টৰ অসুখৰ সম্ভাৱনা কমাবলৈ গোমুখাসন কৰক

0
14

বৰ্তমান সময়ত হাৰ্ট সমস্যাত ভোগা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বছৰি কম বয়সতে হাৰ্ট এটেক হৈ হঠাতে এই বিশ্বৰ পৰা বহু মানুহ মৃত্যুমুখত পৰিছে৷ এনে অৱস্থাত বহু পৰিয়াললৈ গোটেই জীৱন অন্ধকাৰ নামি আহিছে৷ হৃদযন্ত্ৰ সুস্থ-সবল ৰখা তথা হাৰ্টৰ অসুখৰ পৰা কিদৰে হাত সাৰি থাকিব পাৰি, সেই সম্পৰ্কে বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে বিভিন্ন সময়ত পৰামৰ্শ দিয়া হয় যদিও সেইবোৰ উপযুক্তভাৱে পালন নকৰাৰ ফলত এই সমস্যাই দিনক দিনে বাঢ়ি গৈ আছে৷ আপুনিও যদি হাৰ্টৰ সমস্যাত ভুগি আছে বা হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব বিচাৰে, তেনেহ’লে নিয়মিতভাৱে যোগাসন কৰিব পাৰে৷ হাৰ্টৰ সুস্থতাৰ বাবে বিভিন্ন যোগ আছে যদিও ইয়াৰ ভিতৰত গোমুখাসন অন্যতম৷ নিয়মিতভাৱে গোমুখাসন আসন কৰাৰ অভ্যাস কৰিলে হাৰ্টৰ সমস্যৰ পৰা বাচি থাকিব পাৰে৷ ইয়াৰ উপৰি এই আসনে মানসিক চাপ কমাই ৰখা তথা শৰীৰ আৰু মন শান্ত কৰাত সহায় কৰে৷ গোটেই দিনৰ শেষত শৰীৰৰ অৱসাদ, ক্লান্তি, ভাগৰ দূৰ কৰিবলৈ এই আসন গুৰুত্বপূৰ্ণ৷ নিয়ম মতে গোমুখাসন কৰিলে পিঠি, কান্ধসহ মেৰুদণ্ডৰ সংলগ্ন পেশী সামগ্ৰিকভাৱে উজ্জীৱিত হয়৷ আড়ষ্ট ভাব নোহোৱা কৰিবলৈ এই আসন কৰিব পাৰে৷ এই আসন কৰিলে পিঠিৰ বিষ, ছায়াটিকা, ৰিউমেটয়েড আথ্ৰাইটিছকে ধৰি বিভিন্ন ব্যথা-বেদনাৰ পৰা ৰেহাই পাব পাৰে৷ যিসকলে হাৰ্টৰ সমস্যা আছে, তেওঁলোকে নিয়মিত এই আসন কৰিলে সুফল পাব পাৰে৷ হজমৰ সমস্যা নিৰ্মূলৰ লগতে হাঁওফাঁও সুস্থ তথা অধিক কাৰ্যক্ষম কৰিবলৈ এই আসন কৰিব পাৰে৷
কিদৰে কৰিব গোমুখাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে এখন মেটত সুন্দৰভাৱে বহি লওক৷ এতিয়া যিকোনো এখন ওপৰত আনখন ভৰি উঠাই দিব৷ ইয়াৰ পাছত হাত দুখনৰ এখন মূৰৰ ওপৰেৰে আৰু আনখন কাষলতিৰ তলফালেৰে পিছফালে নিয়ক৷ এইদৰে পাছলৈ নি দুয়োখন হাতৰ আঙুলিকেইটাৰে ধৰাৰ চেষ্টা কৰক৷ এই অৱস্থাত মানুহজনৰ মেৰুদণ্ড সম্পূৰ্ণ পোন হোৱাৰ লগতে ভৰিৰ বান্ধোনটো সুলকি যাতে নাযায়, লক্ষ্য কৰিব৷ এইখিনি সময়ত শ্বাস-প্ৰশ্বাস স্বাভাৱিক ধৰণে লওক৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here