পশ্চিম লণ্ডনৰ হাউনশ্ল’ৰ দহ বছৰীয়া কৃষ অৰোৰাই ১৬২ আই কিউৰে আশ্চৰ্যান্বিত কৰি তুলিছে সমগ্ৰ বিশ্বক৷ ভাৰতীয় মূলৰ এই ব্ৰিটিছ শিশুটিৰ আই কিউ হৈছে বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু ষ্টিফেন হকিঙতকৈও বেছি৷ তেওঁলোকৰ আই কিউ আছিল ১৬০৷ নিচেই সৰুৰে পৰা অত্যন্ত বুদ্ধিমত্তা সমৃদ্ধ কৃষে ব্যতিক্ৰমী ক্ষমতা প্ৰদৰ্শন কৰি আহিছে৷ চাৰি বছৰ বয়সতে তেওঁ সলসলীয়াকৈ পঢ়িব পাৰিছিল৷ আনহাতে চকুৰ পচাৰতে তেওঁ সমাধান কৰিব পাৰিছিল গণিতৰ জটিল অংক৷ তেওঁৰ পিতৃ-মাতৃ মৌলি আৰু নিশ্চল হৈছে অভিযন্তা৷ উল্লেখযোগ্য যে শেহতীয়াভাৱে কৃষক উচ্চ আই কিউৰ ব্যক্তিৰ শীৰ্ষ সমিতি মেনছাই স্বীকৃতি প্ৰদান কৰিছে৷ কৃষ সম্পৰ্কত তেওঁৰ পিতৃ-মাতৃয়ে গৌৰৱেৰে কয় যে তেওঁলোকৰ সন্তানে কেৱল দবা খেল বা অংক সমাধানতে পাৰ্গত নহয়, আন আন সকলো দিশতে পাৰ্গত৷ কৃষৰ কথা উল্লেখ কৰি অভিভাৱকে কয় যে কৃষে মাত্ৰ চাৰি মাহ দবা খেলিয়েই তেওঁৰ শিক্ষকক পৰাজিত কৰিছিল৷ আনহাতে কৃষ এজন ভাল পিয়ানো বাদকো৷