এইবোৰ সমস্যা হ’লে তেঁতেলীৰ পানী খাব পাৰে

0
43

প্ৰায় বহুতেই তেঁতেলীৰ টেঙা মিঠা সোৱাদটো খুব ভাল পায়৷ তেঁতেলীৰ নাম শুনিলেই মানুহৰ জিভাৰ পানী পৰাটো স্বাভাৱিক৷ বহুতেই তেঁতেলীক কেঁচাই খোৱাৰ উপৰি জুচ কৰি খায়৷ অৱশ্যে ই শৰীৰৰ কাৰণেও উপকাৰী৷ পিছে কেনে ধৰণে তেঁতেলীৰ পানীয়ে শৰীৰটোক লাভান্বিত কৰে জানো আহক৷
তেঁতেলী পানীয়ে বদহজমৰ সমস্যা নিৰ্মূল কৰাত সহায় কৰে৷ লগতে পেট ফুলা, পেট খোলোচা নোহোৱা আদি সমস্যাতো আপুনি তেঁতেলীৰ জুচ খাব পাৰে৷
আপুনি যদি ওজন কমাব বিচাৰিছে, তেন্তে তেঁতেলী পানী খাব পাৰে৷ ই শৰীৰৰ পৰা টক্সিন নিষ্কাশন কৰাত সহায় কৰে৷
ছালৰ কাৰণেও তেঁতেলীৰ জুচ খুব ভাল৷ ই প্ৰচুৰ পৰিমাণে ভিটামিন-চি সমৃদ্ধ হোৱা হেতুকে ভিতৰৰ পৰা আপোনাৰ ছাল সুন্দৰ কৰিব পাৰে৷
আনকি তেঁতেলী পানীয়ে কলেষ্টৰেল লেভেল নিয়ন্ত্ৰণ কৰি হাৰ্ট সুস্থ কৰাটো সহায় কৰে৷ ইয়াৰ বাবে এটা পাত্ৰত পানীৰ লগত তেঁতেলী উতলাই লৈ ঠাণ্ডা হোৱাৰ পাছত তাত অলপ মৌ মিশ্ৰণ কৰি তেঁতেলীৰ জুচ হিচাপে খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here