আধুনিক কালত প্লাষ্টিক, ষ্টিল, এলুমিনিয়াম আদিৰ পয়োভৰৰ বাবে মাটিৰ বাচন ব্যৱহাৰ নাইকিয়াৰ দৰেই হৈছে৷ আধুনিক বিজ্ঞানে দিয়া প্ৰেছাৰ কুকাৰত বনোৱা খাদ্য মাত্ৰ ভাঙিহে যায়, কেতিয়াও নিসিজে লগতে ইয়াত বনোৱা খাদ্যত খাদ্যগুণ বহু পৰিমাণে নাইকিয়া হয়৷ পুৰণি কালৰ মাটিৰ দ্বাৰা তৈয়াৰী বাচন-বৰ্তনৰ বহুল ব্যৱহাৰ আছিল৷ সেই কালত ঋষি-মুনিসকলে মাটিৰ পাত্ৰত খাদ্য বনাই খোৱা-বোৱাৰ কৰাৰ লগতে সকলো ক্ষেত্ৰতে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল৷ কালক্ৰমত মাটিৰ বাচনৰ ব্যৱহাৰ নাইকিয়া হ’বলৈ ধৰে৷ কিন্তু মাটিৰ বাচনত বনোৱা খাদ্য খোৱাটো কিমান উপকাৰী, আপুনি জানি হয়তো আচৰিত হ’ব৷ খাদ্যবস্তুৰ গুণগত মান বৰ্তাই ৰাখিবলৈ আমি মাটিৰ বাচন ব্যৱহাৰ কৰাটো অতি উত্তম৷ আমি খাদ্য গ্ৰহণ কৰোঁ শৰীৰক শক্তি যোগান ধৰিবলৈ৷ খাদ্যত থকা প্ৰ’টিন, কেলচিয়াম, খনিজ বস্তুবোৰৰ পৰিমাণ মাটিৰ পাত্ৰত বনালে নষ্ট নোহোৱাকৈ থাকে৷ এলুমিনিয়ামৰ পাত্ৰত খাদ্য বনালে ইয়াৰ পোষকতা মাত্ৰ ৭ শতাংশ থাকে, একেদৰে পিতলৰ বাচনত বনালে ৮৫ শতাংশ থাকে৷ কিন্তু মাটিৰ বাচনত বনালে তেনে খাদ্যৰ পোষকতা গুণ ১০০ শতাংশপৰ্যন্ত থাকি যায়৷ আনহাতে মাটিৰে তৈয়াৰী বাচনত খাদ্য বনালে কেতিয়াও পেটৰ কোনোধৰণৰ সমস্যা নহয়৷ ইয়াৰ উপৰি শৰীৰত কেঞ্চাৰ ৰোগৰ সম্ভাৱনা কমাই দিব পাৰে, যদিহে নিয়মিতভাৱে মাটিৰ বাচন খাদ্য খোৱা যায়৷