দাঁত তথা এনামেলৰ ক্ষতি কৰে এইবোৰ খাদ্যই

0
33

এনে বহু খাদ্য আছে, যিবোৰে অজান্তিতে দাঁতৰ ক্ষতি কৰিব পাৰে৷ কম বয়সতে দাঁতৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰি আপোনাক আহুকালত পেলাব পাৰে৷ সেয়ে দাঁতৰ এইসমূহ সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ তথা দাঁত দুপাৰি স্বাস্থ্যকৰ কৰি ৰাখিবলৈ আমি এইধৰণৰ খাদ্য খোৱাৰ পৰা দূৰত থকাটো ভাল৷ সম্পৰ্কৰ দৰে দাঁতৰো যত্ন লোৱা অতি জৰুৰী৷ নহ’লে সংগীৰ দৰে দাঁতেও আপোনাৰ সংগ ত্যাগ কৰিব পাৰে৷ নিয়মিতভাৱে দাঁত মাচিজেও বা পৰিষ্কাৰকৈ ব্ৰাছ মাৰিলেও দাঁত ভালে নাথাকিব পাৰে৷ এনে কিছুমান খাদ্য আছে, যিবোৰ খোৱাৰ ফলত দাঁতৰ অনিষ্ট হ’ব পাৰে৷ সেইসমূহ বিষয়ে কিছু কথা জনাটো ভাল৷
কেণ্ডি, চকলেট আদি দাঁতৰ কাৰণে একেবাৰেই ভাল নহয়৷ সেই কথা জানিও আমি বহুতেই বিশেষকৈ শিশুক চকলেট খাবলৈ দিওঁ৷ এইধৰণৰ খাদ্যত বিভিন্ন ধৰণৰ এচিড থাকে, যিয়ে দাঁতৰ এনামেলৰ ক্ষয় কৰে৷ আনহাতে এইধৰণৰ খাদ্য চোবাই খোৱাৰ ফলত দীৰ্ঘসময় সেইবোৰ দাঁতৰ সংস্পৰ্শত থাকে, যি দাঁতৰ কাৰণে অনিষ্টকাৰী৷
কিচমিচ, এপ্ৰিকট, খেজুৰ শৰীৰৰ কাৰণে বেছ উপকাৰী অৰ্থাৎ এইসমূহ ড্ৰাই ফ্ৰুইছ শৰীৰৰ সুস্বাস্থ্যৰ বাবে বিভিন্ন প্ৰকাৰে সহায় কৰে৷ কিন্তু এইসমূহ খাদ্যই দাঁতৰ অনিষ্ট কৰিব পাৰে৷ এই খাদ্যবোৰত চেনিৰ পৰিমাণ যথেষ্ট থাকে৷ আনহাতে চেনিয়ে দাঁতৰ এনামেলৰ ক্ষতি কৰাৰ প্ৰধান কাৰণ৷ ইয়াৰ উপৰি দাঁতৰ বিষ, দাঁত সৰাৰ দৰে সমস্যাৰো সৃষ্টি হ’ব পাৰে৷
ক্লান্তি তথা অৱসাদ দূৰ কৰিবলৈ ঘনাই চাহ বা কফিত চুমুক দিয়াৰ বহুতৰে ক্ষেত্ৰত অভ্যাসত পৰিণত হয়৷ চাহ বা কফিয়ে শৰীৰ সক্ৰিয় তথা কাৰ্যক্ষম কৰি ৰখাত সহায় কৰে যদিও দাঁতৰ স্বাস্থ্যৰ কাৰণে সঘনাই চাহ খোৱাৰ অভ্যাস অনিষ্টকাৰী৷ আনকি বেছিকৈ গৰম পানী সেৱনেও দাঁতৰ ক্ষতি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here