৫০ বছৰৰ ভিতৰত প্ৰথম এজমাৰ নতুন চিকিৎসা আৱিষ্কাৰ

0
119

বিগত ৫০ বছৰৰ পাছত এই প্ৰথমবাৰৰ বাবে এজমাত ভোগাসকলৰ বাবে নতুন চিকিৎসা আৱিষ্কাৰ কৰিছে স্বাস্থ্য গৱেষকে৷ তেওঁলোকে দাবী কৰিছে যে এজমাৰ ৰোগীসকলৰ কাৰণে এনে এটা ইনজেকশ্যন প্ৰস্তুত কৰা হৈছে, যিটোৱে ৰোগীৰ শৰীৰত এক বিশেষ ধৰণৰ প্ৰতিৰক্ষা ব্যৱস্থাক নিয়ন্ত্ৰণ কৰিব৷ ইয়াৰ জৰিয়তে এজমা বা ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ ৰোগীয়ে সুস্থ তথা সক্ৰিয় হৈ উঠিবলৈ সক্ষম হ’ব৷ ব্ৰিটিছ সংবাদ মাধ্যম বি বি চিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে নতুনকৈ আৱিষ্কৃত এজমাৰ এই ঔষধবিধৰ নাম হ’ল বেনৰালিজুমাব৷ বৰ্তমান ইয়াক গুৰুতৰভাৱে শ্বাস কষ্টত ভোগা ৰোগীৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হৈছে৷ উল্লেখ্য যে যুক্তৰাষ্ট্ৰৰ কিংছ কলেজৰ এদল গৱেষকে এই ঔষধবিধ আৱিষ্কাৰ কৰিছে৷ তেওঁলোকে আশা প্ৰকাশ কৰিছে যে নতুন এই ঔষধবিধৰ সহায়ত যুক্তৰাষ্ট্ৰৰ প্ৰায় ২০ লাখ এজমা ৰোগীক চিকিৎসাত ব্যৱহাৰ কৰা যাব৷ নতুনকৈ আৱিষ্কৃত এই ঔষধবিধক ‘গেম চেঞ্জাৰ’ হিচাপে আখ্যা দি গৱেষকে কৈছে যে এই ঔষধে এজমা আৰু চিঅ’পিডি ৰোগীৰ চিকিৎসাত বিপ্লৱৰ সূচনা কৰিব৷ উল্লেখ্য যে গৱেষকে এজমা বা ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজত ভোগা ১৫৮ গৰাকী ৰোগীৰ ওপৰত গৱেষণা চলাইছিল৷ গৱেষণাত দেখা গৈছিল যে তীব্ৰ এজমাৰ বেনৰালিজুমাবৰ প্ৰয়োগৰ ২৮ দিন পাছত শ্বাস কষ্টৰ উপসৰ্গ অধিকতৰ ভালদৰে কমি গৈছিল৷ গৱেষকে প্ৰকাশ কৰিছে যে এজমা আৰু চি অ’ পি ডিত আক্ৰান্ত ব্যক্তিৰ চিকিৎসাত এই আৱিষ্কাৰে যুগান্তকাৰী ফল দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here