ৰক্তচাপ হঠাতে বাঢ়ি গৈছে ! সেতুবন্ধাসন কৰক

0
45

আজিকালি উচ্চ ৰক্তচাপৰ সমস্যা প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰতে দেখা যায়৷ উঠি অহা যুৱক-যুৱতীয়েও এই ৰোগত চিকাৰ হৈছে সৰ্বাধিকভাৱে৷ উচ্চ ৰক্তচাপক নীৰৱ ঘাতক বোলা হয় কাৰণ প্ৰাথমিকভাৱে ইয়াৰ লক্ষণবোৰ দেখা নাযায়৷ সঠিখ সময়ত ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে শৰীৰৰ বাবে মাৰাত্মক হ’ব পাৰে৷ বিভিন্ন কাৰণত এই ৰোগবিধ হ’ব পাৰে যদিও বিভিন্ন উপায় অনুসৰণ কৰি আমি ইয়াৰ পৰা হাত সাৰিব পাৰোঁ৷ তাৰ ভিতৰত যোগব্যায়াম অন্যতম৷ ইতিমধ্যে যোগাসনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত খুব সহায়ক বলি প্ৰমাণিত হৈছে৷ এইসমূহ যোগাসন ভিতৰত সেতুবন্ধাসন অন্যতম, যিয়ে উচ্চ ৰক্তচাপ সহজে নিয়ন্ত্ৰণ কৰিব পাৰে৷ নিয়মিতভাৱে সেতুবন্ধাসনৰ অভ্যাস কৰিলে কোনোধৰণৰ ঔষধ ব্যৱহাৰ নকৰাকৈয়ে হাই প্ৰেছাৰৰ পৰা নিৰাময় পাব পাৰি৷
কিদৰে কৰিব সেতুবন্ধাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মাটিচ মেট পাৰি পিঠিৰ ওপৰত শুই দিয়ক, অৰ্থাৎ ওপৰমুৱাকৈ শুই দিব৷ ইয়াৰ পাছত হাত দুখন পাছলৈ দীঘলকৈ প্ৰসাৰিত কৰি মেলি দিয়ক আৰু ভৰি দুখন পতা মাটিত পাৰি দিয়ক৷ মূৰটো মাটিৰ সমান্তৰালভাৱে লগাই লৈ এতিয়া দেহৰ মাজৰ অংশ লাহে লাহে মাটিৰ ওপৰলৈ উঠাই দিয়ক৷ লক্ষ্য কৰিব যে বুকুৰ পৰা ভৰিৰ গোৰোহালৈকে মাটিৰ ওপৰত থাকে আৰু মূৰ আৰু ভৰিৰ তলুৱাই শৰীৰৰ ভৰ নিয়ন্ত্ৰণ কৰে৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি অহাৰ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here