৩, ৪, ৫ : সুস্থ থাকিবলৈ কিমানবাৰ খোৱা উচিত

0
19

এজন মানুহে সুস্থ থাকিবলৈ হ’লে দিনে কিমানবাৰ খাদ্য খাব লাগে৷ ডায়েবেটিছ, প্ৰেছাৰ আদিৰ ৰোগৰ পৰা ৰেহাই পাবলৈ অথবা শৰীৰ সুস্থ থাকিবলৈ ৩, ৪ অথবা ৫ কিমানবাৰ খাব সেই বিষয়ে জনাটো খুবেই প্ৰয়োজনীয়৷ দৈনন্দিন খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰিব বা এদিনত আপোনাক কিমান পৰিমাণ খাদ্য লাগে, সেই বিষয়বোৰ জনাটো খুবেই জৰুৰী৷ অপ্ৰয়োজনীয় তথা অতিৰিক্ত খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ হজমৰ ক্ষেত্ৰত চাপ পৰিব পাৰে, বাঢ়িব পাৰে ছুগাৰ বা কলেষ্টৰেলৰ সমস্যাও৷ আপোনাৰ শৰীৰক সুস্থ আৰু শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে সুষম খাদ্য আৰু সঠিক সময়ত খোৱাটো খুব গুৰুত্বপূৰ্ণ৷ এই বিষয়ে পুষ্টিবিদে মত প্ৰকাশ কৰি কয় যে এজন ব্যক্তিৰ কাৰণে অতিৰিক্ত খোৱা জৰুৰী নহয়, কমকৈ খোৱাটোহে প্ৰয়োজন, কাৰণ এই নিয়মে পৰিপাকতন্ত্ৰৰ উন্নতি ঘটায়৷ এন চি বি আইৰ তথ্য অনুযায়ী, পশ্চিম সংস্কৃতিত দিনে তিনিবাৰ খাদ্য খোৱাৰ পৰামৰ্শ দিয়া হয়৷ ইয়াৰ ভিতৰত পুৱাই পানী সেৱনৰ লগতে লঘু আহাৰ, দুপৰীয়াৰ খাদ্য আৰু নিশা খাদ্য গ্ৰহণ এই তিনিটা বিভাগত বিভক্ত কৰে৷ আনহাতে চিকিৎসকে কোৱা মতে এজন সুস্থ মানুহৰ কাৰণে তিনিটা সময়ত পুৱা, দুপৰীয়া আৰু ৰাতি খোৱাটো উত্তম৷ আনহাতে যিসকলৰ ওজন কম অথবা আন শাৰীৰিক সমস্যাত ভুগি আছে, তেওঁলোকৰ কাৰণে দিনে চাৰিবাৰ খাব পাৰে৷ খাদ্য গ্ৰহণৰ পাছত কমেও তিনি ঘণ্টাৰ ব্যৱধান থকা গুৰুত্বপূৰ্ণ৷ ইয়াৰ বিপৰীতে আকৌ দীৰ্ঘসময় ধৰি খাদ্য গ্ৰহণ নকৰাৰ ফলত গেছ, বুকু জ্বলা-পোৰা কৰা, এচিডিটি আদিৰ দৰে সমস্যাও হ’ব পাৰে৷ সেয়ে মাজে মাজে কনডেন্সড মিল্ক, পুৱাৰ ভাগত ওটমিল বা আবেলি ফলৰ ৰস খাব পাৰে৷ পুৱাই খাদ্যত প্ৰ’টিন, ভিটামিন সমৃদ্ধ খাদ্য আৰু আবেলিৰ খাদ্যত কম কেলৰিযুক্ত খাদ্য আৰু নিশাৰ আহাৰত দ্ৰুত হজম হোৱা খাদ্যহে গ্ৰহণ কৰাটো স্বাস্থ্যসন্মত৷ অৱশ্যে ৰোগত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত এই তালিকাৰ সালসলনি ঘটিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here