গৰম দিনৰ তুলনাত ঠাণ্ডাৰ দিনত প্ৰত্যেকৰে পানী খোৱাৰ প্ৰৱণতা প্ৰায় কমি যায়৷ যিহেতু ঠাণ্ডাৰ দিনত ইমান পানীৰ পিয়াহ নালাগে, সেয়েহে কেৱল খাদ্য খাই উঠি বা মনত পৰিলেহে খুব সম্ভৱ এঢোকমানহে পানী খোৱা দেখা যায়৷ এইদৰে দিনটো কোনোধৰণৰ অসুবিধা নোহোৱাকৈ চলি যাব পাৰি৷ কিন্তু এইদৰে পানী নোখোৱাৰ ফলত বাহিৰৰ পৰা সকলো ঠিকে থকা যেন লাগিলেও, আচলতে ই শৰীৰৰ ভিতৰত যথেষ্ট ক্ষতি কৰে৷
যিহেতু শীতকালত তাপমাত্ৰাৰ পৰিমাণ কম থাকে, সেয়েহে শৰীৰৰ ভিতৰখন অতি সোনকালে শুকাই যায়৷ গতিকে কমকৈ পানী খালে আপোনাৰ ডিহাইড্ৰেশ্যন হ’ব পাৰে৷
শৰীৰৰ ভিতৰখন বেছিকৈ শুকাই গ’লে কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিব পাৰে৷
শীতত পানী কমকৈ খালে দেহৰ ভিতৰত এচিডৰ পৰিমাণ বেছি হৈ যায়৷ ফলত গেছ, বদহজম আদি সমস্যাই দেখা দিব পাৰে৷
একেদৰে পানীয়েই যিহেতু শৰীৰ সতেজ কৰি ৰাখে, সেয়েহে শৰীৰত পানীৰ অভাৱ হ’লে ভাগৰ, দুৰ্বলতা, কাৰ্যক্ষমতা হ্ৰাস পোৱা আদি সমস্যাই দেখা দিয়ে৷
অকল এয়াই নহয়, পৰ্যাপ্ত পানীৰ অভাৱত শৰীৰ শুকাই গ’লে ইয়াৰ প্ৰভাৱ আপোনাৰ ছালতো পৰে৷ ফলস্বৰূপে ছাল ফটা, বয়সৰ চাপ পৰা আদি সমস্যা বৃদ্ধি পায়৷ অৱশ্যে ঠাণ্ডা দিনত চেঁচা পানী খোৱা উচিত নহয়৷ ইয়াৰ পৰিৱৰ্তে পানীখিনি কুহুমীয়া গৰম কৰি নিয়মিতভাৱে খাব লাগে৷